/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d587e11e-5ba0-4802-8f0f-8c40255e53e6/1.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা সদৰৰ এটা ৰাজহুৱা সমস্যাকলৈ এটা ফেচবুক পোষ্ট। ঢকুৱাখনাৰ এগৰাকী সচেতন সামাজিক মাধ্যম ব্যৱহাৰকাৰী উষ্মা ভৰা কটুক্তি। ঢকুৱাখনা সদৰ চাৰিআলিৰ মাজতে থকা ট্ৰেফিক পইণ্টৰ দাঁতিতে পুখুৰী সদৃশ অৱস্থাকলৈ কটুক্তি সামাজিক মাধ্যমত।
বিশ্বজিৎ বৰুৱা নামৰ সচেতন ব্যক্তি গৰাকীয়ে সামাজিক মাধ্যমত ৰজাঘৰীয়াৰ অমনোযোগীতাক পৰোক্ষভাৱে তাচ্ছিল্য কৰি নগৰৰ মাজ মজিয়াত ৰাজপথৰ ওপৰত সৃষ্টি হোৱা গাঁত আৰু জৰাজীৰ্ণ অৱস্থাৰ অবলোকন কৰি দৃষ্টি আকৰ্ষণ কৰিছিল। সামাজিক মাধ্যমত বৰুৱাই লিখিছিল "গাঁত কেইটা আকৌ উভতি আহিছে। এতিয়াহে ঠাইখন আপোন যেন লাগিছে।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c71984c7-c0a4-405e-984b-9919bb0dd06a/7cb8c71d-a348-41be-b42c-64b6d8720db8.jpg)
ঢকুৱাখনা নগৰৰ প্ৰাণ কেন্দ্ৰত উদ্ভৱ হোৱা এই মৰণফাণ্ড সদৃশ জৰাজীৰ্ণতালৈ ৰজাঘৰীয়াৰ ভ্ৰূক্ষেপ নেদেখি কৰা এই বিশেষ পোষ্টত গা নলৰিল চৰকাৰী পক্ষৰ। দেখিও যেন সকলোৱে নেদেখাৰ ভাও ল'লে এই সমস্যাটোৰ। স্থানীয়ভাৱে ব্যাপক চৰ্চা লাভ কৰা এই পোষ্ট দেখি বিষয়টোলৈ সহমৰ্মিতা প্ৰকাশ কৰি উৎসাহেৰে এগৰাকী যুৱকে মন্তব্য কৰিলে। "ককাই মই কাইলৈ এই জৰাজীৰ্ণ অংশত শিল বালি পেলাই ঠিক কৰি দিম ।"
কথা মতেই কাম।ঢকুৱাখনাৰ জালভাৰী গাঁৱৰ উদীয়মান যুৱক জ্ঞান ৰঞ্জন শইকীয়াই নিজা ধন ব্যয়ৰে এক ট্ৰলি শিল বালি ক্ৰয় কৰি আনি দ গাত সমূহত পেলাই দীৰ্ঘদিনীয়া সমস্যাটো নিমিষতে সমাধান কৰি দিলে। শুকুৰবাৰে উক্ত বিপদজনক আৰু মৰণফাণ্ডৰূপী ৰাজপথত পুৱাই শিল বালি পেলাই মসৃণ কৰাই উদাৰ মনা যুৱকজনে। অস্থায়ী ভাবে হ'লেও জটিল সমস্যা এটাৰ সমাধান ঘটিল এটা ফেচবুক পোষ্টৰ বাবে। পিছে ৰজাঘৰীয়াৰ নহয় প্ৰজাৰ বদান্যতাতহে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/4cdf8c47-3ab6-4a45-93f1-89b390a70fb4/2cbc7a1b-fdb7-4ed6-8ff4-a7621dda43a9.jpg)
সামাজিক মাধ্যমত নেতিবাচক ধ্যান ধাৰণাতে ব্যস্ত থকা সকলৰ বিপৰীতে দুগৰাকী যুৱকৰ দুই ইতিবাচক কর্ষণে এটা ধনাত্মক ফলাফল ৰাইজৰ হিতৰ বাবে আনি দিয়াৰ বাবে দুয়োগৰাকী যুৱক বাস্তৱিকতে প্ৰশংসিত হৈছে।এই দুই সচেতন যুৱকৰ বদান্যতাৰ জুতি লৈ এতিয়া ৰজা প্ৰজা সকলোৱে সুখ যাত্ৰাত ভাগ লব পাৰিব। কঁকাল ভগা ঠেকেছা নোখোৱাকৈ।