দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় শিবিৰত মুখ্যম আঘাত : কে এল ৰাহুল, কুলদীপ যাদৱ দলৰ পৰা বাহিৰ…

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় শিবিৰত মুখ্যম আঘাত : কে এল ৰাহুল, কুলদীপ যাদৱ দলৰ পৰা বাহিৰ…

author-image
asomiyapratidin
New Update
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় শিবিৰত মুখ্যম আঘাত : কে এল ৰাহুল, কুলদীপ যাদৱ দলৰ পৰা বাহিৰ…

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৯ জুন বৃহস্পতিবাৰৰ পৰা আৰম্ভ হবলগীয়া টি-২০ শৃংখলাৰ পূৰ্বে ভাৰতীয় দলত মুখ্যম আঘাত। শৃংখলাটোৰ বাবে বি চি চি আইয়ে পূৰ্বে ঘোষণা কৰা অনুসৰি দলটোৰ নেতৃত্ব দিয়া হৈছিল কে এ এল ৰাহুলক। কিন্তু আঘাতৰ সমস্যাত ভূগি থকাৰ বাবেই শৃংখলাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ৰাহুলক দলৰ পৰা বাদ দিবলগীয়া হৈছে।

Advertisment

অধিনায়ক ৰাহুলক দলৰ পৰা বাদ দিবলগীয়া হোৱাত এতিয়া ভাৰতীয় দলটোক নেতৃত্ব প্ৰদানৰ দায়িত্ব প্ৰদান কৰা হৈছে ঋষভ পণ্টক। উইকেট কীপাৰ বেটছমেন পণ্টে ইতিমধ্যে ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে। সেয়েহে আশা কৰা হৈছে এই শৃংখলাত পণ্টে ভাৰতক নেতৃত্ব প্ৰদান কৰি বিজয় সাব্যস্ত কৰিব পাৰিব।

আনহাতে আই পি এলত গুজৰাট টাইটানছক নেতৃত্ব প্ৰদান কৰি বিজয় সাব্যস্ত কৰা হাৰ্দিক পাণ্ডিয়াক এই শৃংখলাৰ বাবে উপ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে। অৱশ্যে চিলেকশ্যন কমিটীয়ে এতিয়ালৈকে ৰাহুলৰ স্থানত কাক নিৰ্বাচিত কৰিব সেই বিষয়ে প্ৰকাশ কৰা নাই।

আনহাতে ভাৰতীয় দলটোৰ আন এজন নিৰ্ভৰযোগ্য স্পীনাৰ কুলদীপ যাদৱোক দলৰ পৰা বাদ দিবলগীয়া হৈছে। কুলদীপ যাদৱে নেট অনুশীলনৰ সময়তে সোঁ হাতত আঘাত লাভ কৰে। ফলত তেওঁক দলৰ পৰা বাদ দিয়া হৈছে। কুলদীপৰ স্থানত কাক দলত অন্তৰ্ভুক্ত কৰা হ'ব সেই বিষয়েও চিলেকশ্যন কমিটীয়ে প্ৰকাশ কৰা নাই।

দক্ষিণ আফ্ৰিকাৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটো হ'ল- ঋষভ পণ্ট (অধিনায়ক, উইকেট কীপাৰ), হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক) ঋতুৰাজ গায়কোৱাড. ঈশান কিষান, দীপক হোদা, শ্ৰেয়াস আয়াৰ, দীনেশ কাৰ্তিক, ভেংকটেশ আয়াৰ, যুজবেন্দ্ৰ চাহাল, অক্সৰ পেটেল, ৰবী বিস্নয়, ভূৱনেশ্বৰ কুমাৰ, হৰ্ষেল পেটেল, অভেশ খান, আৰ্শাদ্বীপ সিং আৰু উমৰাণ মালিক।

ক্লিক কৰি পঢ়কঃ ২২ বছৰো অধিক সময় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দপদপাই অৱশেষত অৱসৰ ল'লে মিথালী ৰাজে…