২২ বছৰো অধিক সময় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দপদপাই অৱশেষত অৱসৰ ল’লে মিথালী ৰাজে…

২২ বছৰো অধিক সময় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দপদপাই অৱশেষত অৱসৰ ল’লে মিথালী ৰাজে…

ডিজিটেল ডেস্কঃ যেন এটা যুগৰ সফল সমাপ্তি। সকলোকে আচৰিত কৰি অৱসৰ ঘোষণা ভাৰতীয় মহিলা ক্ৰিকেটৰ সৰ্বাধিক চৰ্চিত আৰু সফল ক্ৰিকেটাৰ মিথালী ৰাজৰ। মহিলা ক্ৰিকেটৰ শচীন তেণ্ডুলকাৰ হিচাপে জনাজাত মিতালী ৰাজে ১৯৯৯ চনৰ ২৬ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল।

তাৰ পিছত সুদীৰ্ঘ ২৩ বছৰ ধৰি ভাৰতীয় মহিলা ক্ৰিকেটৰ সদস্য হৈ থকা মিথালী মহিলা ক্ৰিকেটৰ ৰাণীলৈ ৰূপান্তৰ হৈছিল। অৱসৰৰ সময়ত মিথালী ভাৰতীয় মহিলা ক্ৰিকেটৰ এদিনীয়া দলটোৰ অধিনায়কৰ দায়িত্বত আছিল।

১৭ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰা মিথালীয়ে ৩৯ বছৰ আৰু ১৮৭ দিন বয়সত ক্ৰিকেটক বিদায় দিছে। উল্লেখ্য যে, মিথালী ৰাজ এতিয়াও মহিলা এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী। মহিলা ক্ৰিকেটত খেলা আটাইতকৈ দীঘলীয়া সময়ৰ অভিলেখো আছে মিথালীৰ নামত।

অৱশ্যে মিথালীয়ে সুদীৰ্ঘ কেৰিয়াৰত বিশ্বকাপ ফাইনেল খেলিলে যদিও এটাও কাপ দখল কৰিব নোৱাৰিলে। যি কথাই মিথালীক সদায়েই দুখ দিয়ে বুলি উল্লেখ কৰি আহিছে। ইয়াৰ বাহিৰেও, টেষ্টত মিথালীৰ পৰিসংখ্যা অনবদ্য।

মিথালীয়ে দেশৰ হৈ ২৩২ খন খেলত ৭৮০৫ ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত আছে ৭ টা শতক, ৬৪ টা অৰ্ধ-শতক। আনহাতে তেওঁ দেশৰ হৈ ১২ খন টেষ্ট খেলিছে। তেওঁৰ নামত আছে সৰ্বকনিষ্ঠ দ্বিশতক অৰ্জন কৰাৰ অভিলেখো।

মিথালীয়ে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ যোৱা ২৭ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে নিউজিলেণ্ডত খেলিছিল। বিশ্বকাপৰ সেই মেচখনেই আছিল মিথালীৰ অন্তিম মেচ। মেচখনত মিথালীয়ে ৬৮ ৰাণ সংগ্ৰহ কৰিছিল।

মিথালীয়ে ২২ বছৰ ৩৫৩ দিনত সৰ্ব কনিষ্ঠ অধিনায়ক হিচাপে দেশক নেতৃত্ব প্ৰদান কৰাৰ গৌৰৱৰ অধিকাৰী হৈছিল। ইয়াৰ উপৰিও তেওঁ মাত্ৰ ১৯ বছৰ বয়সতে দ্বিশতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। মিথালী ৰাজৰ নামতেই লিপিবদ্ধ হৈছে আটাইতকৈ দীঘল মহিলাৰ কেৰিয়াৰ। তেওঁ দেশৰ হৈ মুঠ ২২ বছৰ ২৭৪ দিন ক্ৰিকেট খেলিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in