মহাৰাণীৰ মৃত্যুত শোকত ডুবিছে ব্ৰিটেইনঃ দেশবাসীক সম্বোধন কৰিবলৈ সাজু ৰজা তৃতীয় চাৰ্লছ

লণ্ডণৰ পৰা বালম'ৰেল যাত্ৰা

author-image
Asomiya Pratidin
New Update
মহাৰাণীৰ মৃত্যুত শোকত ডুবিছে ব্ৰিটেইনঃ দেশবাসীক সম্বোধন কৰিবলৈ সাজু ৰজা তৃতীয় চাৰ্লছ

queen alizabeth II queen alizabeth II

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বিয়লি ব্ৰিটেইনৰ মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ লগে লগে সমগ্ৰ ব্ৰিটেইন শোকত ডুবিছে। প্ৰায় ৭০ বছৰ ধৰি শাসন কৰা এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ পিছতে ৰজা তৃতীয় চাৰ্লছে শুকুৰবাৰে দেশখনক সম্বোধন কৰিব।

Advertisment

৭৩ বছৰীয়া চাৰ্লছে বৃহস্পতিবাৰে তেওঁৰ মাতৃৰ মৃত্যুৰ পিছতে স্কটিছ হাইলেণ্ড ৰিট্ৰিটত সম্ৰাট হয়। বৰ্তমান বালম'ৰেলত থৰা চাৰ্লছ আজিয়েই লণ্ডনলৈ উভতি আহিব। য'ত ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে তেওঁৰ মাতৃ এলিজাবেথ দ্বিতীয়ই।

ইফালে এলিজাবেথ দ্বিতীয়ৰ অনুপস্থিতিত আজিয়েইৰজা চাৰ্লছে প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ সৈতে তেওঁৰ প্ৰথমখন বৈঠকত বহিব। মৃত্যুৰ পূৰ্বে মহাৰাণী এলিজাবেথে প্ৰধানমন্ত্ৰী লিজ ট্ৰাছক নিযুক্তি দিছিল। এয়াই আছিল এলিজাবেথ দ্বিতীয়ৰ অন্তিম আনুষ্ঠানিক কাৰ্য।

ব্ৰিটেইন আটাইতকৈ দীঘল সময়ৰ বাবে মহাৰাণী দায়িত্ব পালন কৰা এলিজাবেথ দ্বিতীয়ই বৃহস্পতিবাৰে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৯৬ বছৰ বয়সত মৃত্যুক সাৱটি ল'লে। তেওঁ বালম'ৰেল কেচেলত শেষ নিশ্বাস ত্যাগ কৰিছিল।

prince charles QUEEN ALIZABETH II britain