/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9a9ebcec-a153-452c-92ac-7c4922f82351/kokrajhar_16.jpg)
অপূৰ্ণ এক প্ৰেমৰ কৰুণ পৰিণতিঃ প্ৰেমিকৰ দুৰ্ঘটনাত মৃত্যু, প্ৰেমিকাৰ আত্মহত্যা...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ প্ৰেমিকৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ দুখ সহ্য কৰিব নোৱাৰি বৃহস্পতিবাৰে নিশা প্ৰেমিকা ছাত্ৰীয়ে চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই কোকৰাঝাৰ চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত ছাত্ৰীগৰাকীক কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ মেধাবী ছাত্ৰী তথা মইছবাথান, প্ৰতাপখাতাৰ স্বৰ্গীয় জিতেন ব্ৰহ্ম আৰু পূৰ্নিমা ব্ৰহ্মৰ কন্যা দিপীকা ব্ৰহ্ম (১৭) বুলি চিনাক্ত কৰা হৈছে ৷
প্ৰাপ্ত বাতৰি মতে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ মেধাবী ছাত্ৰী দিপীকা ব্ৰহ্মই চহৰখনৰ বাগানশালীৰ এটা পেয়িং গেষ্টত থাকি পঢ়া-শুনা কৰিছিল । প্ৰায় ১০ -১২ দিন পূৰ্বে মটৰ চাইকেল দুৰ্ঘটনাত প্ৰেমিক হিৰণ্যৰ মৃত্যু হোৱাৰ পাছতেই দিপীকা শোকত ভাঙি পৰে।
কন্যাৰ মনৰ অৱস্থা বুজিব পাৰি মাতৃ পূৰ্ণিমা ব্ৰহ্মই কন্যাৰ লগতে থাকিবলৈ লয় ৷ বৃহস্পতিবাৰে নিশা মাতৃ গভীৰ নিদ্ৰাত থকাৰ সুযোগলৈ দিপীকা ব্ৰহ্ম সন্তৰ্পণে দুৱাৰ খুলি বাহিৰলৈ ওলাই আহে।
পুৱতি নিশা সাৰ পাই কন্যাক বিচনাত নেদেখি মাতৃয়ে ইফাল সিফাল বিচাৰে যদিও সন্ধান নাপাই কোকৰাঝাৰ সদৰ থানাত অৱগত কৰে। ইফালে পুৱাৰ ভাগত পেয়িং গেষ্টৰ গৰাকীয়ে দিপীকাৰ কোঠাৰ দুৱাৰখন খোলা দেখা পায় যদিও দিপীকা আৰু তাইৰ মাতৃক নেদেখি বাহিৰলৈ ওলাই আহে ৷
ঘৰৰ পৰা উত্তৰ দিশে কিছু গছ-গছনিৰে ভৰা নিৰ্জন ঠাইত এগৰাকী যুৱতী চিপলৈ আত্মহত্যা কৰা বুলি জানি দিপীকাৰ মাকক ফোন কৰি ক’ত আছে বুলি সোধে ৷ মাকে থানাত থকাৰ কথা কোৱাত ঘৰৰ ওচৰত অঘটন এটা হোৱা বুলি জনোৱাত দিপীকাৰ মাক উধাতু খাই ঘটনাস্থলীলৈ আহে আৰু তেওঁৰ জীয়ৰীৰ ওলমি থকা মৃতদেহ প্ৰত্যক্ষ কৰে।
এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে আৱেগৰ বশৱৰ্তী হৈ এইদৰে আত্মহত্যা কৰাত এগৰাকী মেধাৱী ছাত্ৰীৰ জীৱন বন্তি অকালতে নুমাই যোৱাত শোকৰ ছাঁ পৰিছে ।
Also Read: বিজেপিৰ আক্ৰোশৰ বলি কংগ্ৰেছ ! নিৰ্বাচনৰ পূৰ্বে ৯ টা একাউণ্ট ফ্ৰীজ...