ইজৰাইলত আৱদ্ধ কেৰালাৰ ৭ হাজাৰ নাগৰিকঃ বিদেশ মন্ত্ৰীলৈ পি বিজয়নৰ পত্ৰ...

ইজৰাইলত আৱদ্ধ কেৰালাৰ ৭ হাজাৰ নাগৰিকঃ বিদেশ মন্ত্ৰীলৈ পি বিজয়নৰ পত্ৰ...
ইজৰাইলত আৱদ্ধ কেৰালাৰ ৭ হাজাৰ নাগৰিকঃ বিদেশ মন্ত্ৰীলৈ পি বিজয়নৰ পত্ৰ...

ডিজিটেল ডেস্কঃ ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ মাজতে মৃতকৰ সংখ্যা ডেৰ হাজাৰ অতিক্ৰম কৰিছে। আহতৰ কোনো সীমা সংখ্যা নাই। তাৰ মাজতে ইজৰাইলত আৱদ্ধ হৈ আছে বহু ভাৰতীয়।

সেইসকলৰ ভিতৰত বহু সংখ্যকেই আকৌ কেৰেলাৰ বাসিন্দা। ইজৰাইলত থকা নিজ ৰাজ্য কেৰালা তথা ভাৰতীয় নাগৰিকক লৈ সেয়ে চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন। ইজৰাইলত ভাৰতীয়ৰ নিৰাপত্তাক লৈ উদ্বিগ্ন হৈ পৰা বিজয়নে সোমবাৰে বিদেশমন্ত্ৰী এছ জয়শংকৰলৈ প্ৰেৰণ কৰিছে এক পত্ৰ।

উল্লেখ্য যে, ইজৰাইলত থকা প্ৰবাসী ভাৰতীয়সকলৰ মাজত ৭ হাজাৰ কেৰালাৰ নাগৰিক। সেয়েহ পি বিজয়নে পত্ৰখনত লিখিছে, "দুয়োখন দেশৰ মাজত হোৱা শত্ৰুতাৰ বাবে ইজৰাইলত বাস কৰা কেৰালাৰ প্ৰায় ৭,০০০ বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকৰ পৰিয়ালবোৰ অতি উদ্বেগৰ অৱস্থাত আছে।

তেওঁ পত্ৰখনত লিখিছে, ইজৰাইলত আমাৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰক। মই আপোনাক এই বিষয়টোত সকলো ধৰণে হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছো।

ইজৰাইলত আৱদ্ধ কেৰালাৰ ৭ হাজাৰ নাগৰিকঃ বিদেশ মন্ত্ৰীলৈ পি বিজয়নৰ পত্ৰ...
অন্তহীন বিবাদঃ তাৰ মাজতে ইজৰাইল-পেলেষ্টাইৰ যুদ্ধ, চাওক প্ৰকৃত কাৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in