ভাৰতীয় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে মধ্য এছিয়াৰ ধুনীয়া দেশ কাজখস্তান

মধ্য এছিয়াত পৰ্যটকৰ অন্যতম এক আকৰ্ষণৰ কেন্দ্ৰলৈ ৰূপান্তৰ হৈছে কাজাখস্তান। ভাৰতীয় পৰ্যটকসকলৰ বাবেও কাজখস্তান এতিয়া হৈ পৰিছে প্ৰথম পচন্দ। ইয়াৰ আঁৰত আছে কেইবাটাও কাৰণ।

author-image
Asomiya Pratidin
New Update
ভাৰতীয় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে মধ্য এছিয়াৰ ধুনীয়া দেশ কাজখস্তান

ডিজিটেল ডেস্কঃ প্ৰত্যাহিক ব্যস্ততাৰ মাজতে সুযোগ পালেই মানুহে মানসিক অৱসাদ দূৰ কৰিবলৈ নতুন নতুন ঠাই ভ্ৰমণ কৰে। কোৱা হয় ভ্ৰমণ মানুহৰ মানসিক স্বাস্থ্যৰ বাবে এক মহৌষধ।

Advertisment

ভ্ৰমণে, নতুন নতুন ঠাইৰ সৌন্দৰ্য, অভিজ্ঞতা আদিয়ে মানুহৰ মন সজীৱ কৰে। নতুন উদ্যম দিয়ে। সেয়ে মানুহে ভ্ৰমণ কৰে। 

পৰ্যটন এতিয়া বিশ্বৰ অন্যতম এক বৃহৎ উদ্যোগ। বহু উন্নত দেশৰ অৰ্থনীতিৰ মূল স্তম্ভ তেওঁলোকৰ পৰ্যটন ক্ষেত্ৰসমূহ। উন্নয়নশীল দেশসমূহেও এতিয়া পৰ্যটন উদ্যোগক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছে।

বিশেষকৈ মধ্য এছিয়াৰ কেইবাখনো দেশে এতিয়া পৰ্যটনকেই তেওঁলোকৰ অৰ্থনীতি টনকিয়াল কৰাৰ মূল ক্ষেত্ৰ হিচাপে বাচি লৈছে। এই দেশ কেইখনৰ ক্ষেত্ৰত পৰ্যটন উদ্যোগে নতুন মাত্ৰা লাভ কৰাৰ ক্ষেত্ৰত বা শক্তিশালী হৈ পৰাত অৱশ্যে তেওঁলোকৰ ওপৰত প্ৰকৃতিৰো যথেষ্ট অৱদান আছে।

প্ৰাকৃতিকভাৱেই এই দেশসমূহ ইমান বেছি সুন্দৰ যে, মানুহে এই দেশসমূহলৈ আহি পৰম তৃপ্তি লাভ কৰে। মধ্য এছিয়াত পৰ্যটকৰ অন্যতম এক আকৰ্ষণৰ কেন্দ্ৰলৈ ৰূপান্তৰ হৈছে কাজাখস্তান (Kazakhstan)। 

কাজখস্তান

ভাৰতীয় পৰ্যটকৰ প্ৰথম পচন্দ কাজখস্তান

কিছু বছৰৰ আগলৈকে ভাৰতীয়সকলৰ বাবে বিদেশ ভ্ৰমণ বুলি ক’লেই প্ৰথম পচন্দ হয়তো কোনো উন্নত ৰাষ্ট্ৰ নতুনবা আন কোনো দ্বীপ ৰাষ্ট্ৰই আছিল। ভাৰতীয় এই ভ্ৰমণকাৰীসকলৰ ভিতৰত সৰ্বাধিকেই আছিল ইলিট শ্ৰেণীৰ লোকসকল।

কিন্তু লাহে লাহে মধ্যবিত্তীয় শ্ৰেণীৰ লোকসকলেও দেশৰ পৰিধি অতিক্ৰমী বিদেশ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰাত গোটেই পৰ্যটন ক্ষেত্ৰখনলৈ ব্যাপক পৰিবৰ্তন অহা দেখিবলৈ পোৱা গৈছে। মধ্যবিত্তীয় এই ভ্ৰমণকাৰীসকলে উন্নত ৰাষ্ট্ৰৰ পৰিবৰ্তে প্ৰাকৃতিকভাৱে চহকী আৰু কম ব্যয়ৰ ৰাষ্ট্ৰ ভ্ৰমণৰ বাবে আগ্ৰহী হৈ পৰিছে।

সেয়ে মধ্য এছিয়াৰ কাজাখস্তান হৈ পৰিছে এইসকল লোকৰ বাবে প্ৰথম পচন্দ। কাজাখস্তান ভাৰতীয়সকলৰ প্ৰথম পচন্দ হোৱাৰ আঁৰত আছে আন বহু কেইটা কাৰণ। 

publive-image

ভিছা ফ্ৰী ৰাষ্ট্ৰ কাজাখস্তান  

কাজাখস্তান ভ্ৰমণৰ বাবে ভাৰতীয়সকলৰ বাবে নালাগে ভিছা (VISA FREE COUNTRY FOR INDIANS)। ভিছা অবিহনেই ভাৰতীয়সকলে এই দেশখন ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰে। সেয়ে ভাৰতীয়সকলে সুযোগ পালেই এই দেশখন ভ্ৰমণ কৰিব বিচাৰে।

ভিছা অবিহনে ১৪ দিনলৈকে এই দেশখনৰ যিকোনো প্ৰান্তত থাকিব পাৰে ভাৰতীয়। ২০২২ চনত এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল। তেতিয়াৰে পৰা এই দেশখনলৈ ভাৰতীয় পৰ্যটকৰ আগমণ যথেষ্ট বৃদ্ধি হৈছে।

 

publive-image

যোগাযোগৰ সহজ সুবিধা

কাজাখস্তান ভ্ৰমণৰ বাবে ভাৰতীয়সকলে বৰ বেছি চিন্তা কৰিবলগীয়া একো নাথাকে। যিকোনো দিনতে বিমানৰ জৰিয়তে মন গ’লেই উৰি গুছি যাব পাৰে দেশখনলৈ।

নতুন দিল্লীৰ পৰা ঐতিহাসিক আৰু আধুনিক চহৰ আলমাটিৰ মাজৰ দূৰত্ব মাত্ৰ ৩ ঘণ্টাৰ। তাৰোপৰি কাজাখস্তানলৈ যাবলৈ আপুনি বিমানৰ টিকটো যথেষ্ট কম মূল্যতে লাভ কৰিব। অফ ছিজনত ৬ ৰ পৰা ৭ হাজাৰ টকাৰ ভিতৰতে বিমানৰ টিকট লাভ কৰিব।  

publive-image

কম খৰচতে ভ্ৰমণ কৰিব পৰা দেশ কাজখাস্তান

ভ্ৰমণ কৰিবলৈ সকলোৰে ইচ্ছা থাকে। কিন্তু ভ্ৰমণৰ ক্ষেত্ৰত প্ৰথম আৰু মূল সমস্যাটোৱেই হৈছে ধন। মধ্যবিত্তীয় লোকসকলে একোখন বাজেট অনুসৰণ কৰে। মধ্যবিত্তীয় লোকসকলৰ মিতব্যয়ীতা প্ৰধান চৰ্ত।

সেয়ে বিলাসী ভ্ৰমণ এইসকল লোকে প্ৰায়ে এৰি চলে। কাজখাস্তান ভ্ৰমণৰ বাবে অৱশ্যে বহুত বেছি ধনৰো প্ৰয়োজন নহয়। ভাৰতীয় টকাৰ মূল্যও কাজখস্তানৰ মুদ্ৰাত কৈ বহু বেছি।

ভাৰতীয় টকাৰ বিপৰীতে মূল্য কাজখস্তানৰ মুদ্ৰাৰ মূল্য ৫.৮১ টেংগে। অৰ্থাৎ আপুনি যদি ১ হাজাৰ টকা লৈ যায় তেন্তে সেয়া কাজাখস্তানত হ’বগৈ প্ৰায় ৬ হাজাৰ টকাৰ সমান।

ট্যুৰ অপাৰেটৰ সকলেও ৩৫ হাজাৰ টকাৰ পৰাই দিয়ে সৰু সৰু পেকেজ। অৰ্থাৎ হাতত ৪০ হাজাৰ টকা লৈয়ো আপুনি কাজখস্তান ফুৰি অহাৰ পৰিকল্পনা কৰিব পাৰে।

publive-image

পৰ্যটকক আকৰ্ষিত কৰিবলৈ চৰকাৰখনৰ 

কাজাখস্তান চৰকাৰে শেহতীয়াকৈ “Kazakhstan: Born Bold” অভিযানৰ অধীনত অন্যান্য খণ্ডৰ লগতে পৰ্যটন ক্ষেত্ৰত প্ৰসাৰ কৰিছে। এই অভিযানৰ ফলত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ যথেষ্ট বৃদ্ধি পাইছে।  

কাজাখস্তানৰ প্ৰাকৃতিক সৌন্দৰ্য্য, চহকী সাংস্কৃতিক ঐতিহ্য, আৰু অনন্য ভ্ৰমণ অভিজ্ঞতাসমূহ পৰ্যটকে সহজভাৱে উপভোগ কৰাৰ সুব্যৱস্থা কৰা হৈছে। প্ৰকৃতিৰ সমান্তৰালকৈ দুঃসাহসিক অভিযানৰো ব্যৱস্থা কৰিছে।

প্ৰাকৃতিক সৌন্দৰ্যক ম্লান নকৰাকৈ নতুন নতুন নিৰ্মাণ কাৰ্যও কৰা হৈছে। নতুন নিৰ্মাণৰ ক্ষেত্ৰত প্ৰাকৃতিক সৌন্দৰ্যৰ যাতে কোনো কাৰণতে ক্ষতি নহয় তাৰ ওপৰত অধিক গুৰুত্ব দিছে।

ৰকেটৰ গতিৰে বৃদ্ধি পাইছে ভাৰতীয় পৰ্যটকৰ সংখ্যা


কাজাখস্তান ৰিপাব্লিকৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ সীমান্ত সেৱাৰ তথ্য অনুসৰি ২০২২ চনত ২৮ হাজাৰ ভাৰতীয়ই দেশখন ভ্ৰমণ কৰিছিল। ২০২৩ চনত এই সংখ্যা ৭৮ হাজাৰলৈ বৃদ্ধি হয়। ২০২৪ চনতো ভাৰতীয় পৰ্যটকৰ লানি নিচিঙা গতি কাজাখস্তানলৈ অব্যাহত আছিল। 

 

পৰ্যটন পৰ্যটন উদ্যোগ