/asomiyapratidin/media/media_files/2025/07/11/myanmar-11-2025-07-11-12-18-19.jpg)
ডিজিটেল ডেস্কঃ গৃহ যুদ্ধত জৰ্জৰিত চুবুৰীয়া ম্যানমাৰত অব্যাহত আছে সামৰিক জুণ্টাৰ নৃশংসতা। বুধবাৰে জুণ্টা বাহিনীয়ে চলোৱা আক্ৰমণত অতি কমেও ১২ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে আন ১৫ জন লোক আহত হৈছে।
জানিব পৰা মতে এটা বৌদ্ধ মন্দিৰত স্থাপন কৰা আশ্ৰয় শিবিৰত হোৱা বিমান আক্ৰমণত এই লোকসকলৰ মৃত্যু হয়। খবৰ অনুসৰি জুণ্টা বাহিনীয়ে চলোৱা বিমান আক্ৰমণৰ সময়ত মাণ্ডালে, মেগৱে, আৰু কাৰেনিৰ অঞ্চলসমূহক লক্ষ্য কৰি লোৱা হৈছিল।
এই অঞ্চলসমূহ জুন্টা বিৰোধী প্ৰতিৰোধ বাহিনীৰ দুৰ্গ হিচাপে পৰিচিত। টা’য়াং নেশ্যনেল লিবাৰেশ্যন আৰ্মী (টি এন এল এ)ৰ নিয়ন্ত্ৰণত থকা মাণ্ডালে অঞ্চলৰ মোগোক চহৰত হোৱা আন এক আক্ৰমণত তিনিটা শিশুকে ধৰি পাঁচজন লোকৰ মৃত্যু হয়।
বাতৰি অনুসৰি সেনাই ধাৰাবাহিকভাৱে মোগকত বোমা নিক্ষেৰ কৰিছে। স্থানীয় সূত্ৰই অভিযোগ কৰিছে যে প্ৰতিৰোধমূলক গোটৰ বিৰুদ্ধে স্থল যুদ্ধত ভূখণ্ডৰ ক্ষতিৰ সন্মুখীন হোৱাৰ বাবে সেনাই ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা হৈছে।
উল্লেখ্য যে, এই আক্ৰমণসমূহত প্ৰকৃততে কিমান লোকৰ মৃত্যু হৈছে সেই সন্দৰ্ভত সঠিক তথ্য এতিয়াও উপলব্ধ নহয়।