/asomiyapratidin/media/media_files/2025/03/05/TRGU0E8bPslb72DO44kU.jpg)
নতুন পদক্ষেপ
ডিজিটেল সংবাদ: ইউৰোপীয় প্ৰতিৰক্ষা কোম্পানী 'জন ককেৰিল' আৰু ভাৰতীয় প্ৰতিষ্ঠান 'ইলেক্ট্ৰ’ নিউমেটিক্স এণ্ড হাইড্ৰলিক্স লিমিটেডে' ভাৰতীয় সেনাৰ 'জোৰাৱৰ লাইট টেংক' কাৰ্যসূচীৰ বাবে উৎপাদন কৰিব টাৰেট। টাৰেট উৎপাদনৰ বাবে দুয়োটা কোম্পানীয়ে মঙলবাৰে হাতত লয় যৌথ উদ্যোগ। টাৰেট হৈছে বন্দুকক হালৰ সৈতে সংযোগ কৰা এটা সাজসজ্জিত গঠন।
জন ককেৰিলৰ বেলজিয়ামৰ মুখ্য কাৰ্যালয়ৰ বিষয়াসকলে সদৰী কৰা অনুসৰি, এই যৌথ উদ্যোগটোৱে ভাৰতীয় সেনাক উপাদান যোগান ধৰাৰ উপৰিও টাৰেটৰ ৰপ্তানি বজাৰখনৰ অন্বেষণত সহায় কৰিব। ভাৰতে চীনৰ সৈতে সীমান্তত সেনাবাহিনীৰ যুদ্ধ ক্ষমতা বৃদ্ধিৰ বাবে হাতত লৈছে এই কাৰ্যসূচী। এই কাৰ্যসূচী হৈছে প্ৰত্যাহ্বানমূলক ভূখণ্ডত ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে লোৱা এক জটিল পদক্ষেপ। ভাৰতীয় সেনাৰ লাইট টেংক কাৰ্যসূচীৰ বাবে টাৰেট নিৰ্মাণ, একত্ৰীকৰণ আৰু কমিচনিং আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি কোম্পানী দুটাই জানিবলৈ দিয়ে। এই যৌথ উদ্যোগৰ জৰিয়তে ইউৰোপৰ বাহিৰৰ ৰপ্তানি বজাৰতো টাৰেট নিৰ্মাণৰ বাবে চিন্তা-চৰ্চা চলাইছে কোম্পানী দুটাই ।
লগতে এই যৌথ উদ্যোগে জন ককেৰিলৰ উন্নত অস্ত্ৰ ব্যৱস্থাক বিশ্বব্যাপী প্ৰসাৰতা দিব। ইয়াৰ লগতে ইপিএইচএলৰ জ্ঞান ব্যৱহাৰ কৰি ভাৰতীয় সশস্ত্ৰ বাহিনীৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা অনুসৰি বিশ্বমানৰ প্ৰতিৰক্ষা সমাধান প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। জন ককেৰিলে বেলজিয়ামত বিশ্বৰ বাবে উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ অংশীদাৰ।’ জন ককাৰিলৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰতিৰক্ষা, থিয়ৰী ৰেন’ডিনে কৰে এই মন্তব্য। 'ইলেক্ট্ৰ’ নিউমেটিকছ এণ্ড হাইড্ৰলিক্স প্ৰাইভেট লিমিটেডৰ সৈতে আমাৰ যৌথ উদ্যোগে ভাৰতৰ প্ৰতিৰক্ষা আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যক সমৰ্থন কৰাৰ আমাৰ অটল প্ৰতিশ্ৰুতিক উজ্জ্বল কৰি তুলিছে’ বুলি সদৰী কৰে থিয়ৰী ৰেন’ডিনে।