প্ৰধানমন্ত্ৰী মোডীৰ প্ৰশংসা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ! ক'লে, মোৰ আত্মীয়ইও চাব বিচাৰে আপোনাক

সন্মিলনত মোডীয়ে দেশৰ কেইবাগৰাকী শীৰ্ষ নেতা যেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি, আষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰপতিৰ লগত মত বিনিময় কৰা দেখা যায়।

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী মোডীৰ প্ৰশংসা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ! ক'লে, মোৰ আত্মীয়ইও চাব বিচাৰে আপোনাক

ডিজিটেল ডেস্কঃ জাপানত হোৱা জি-৭ ৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই সন্মিলনত মোডীয়ে দেশৰ কেইবাগৰাকী শীৰ্ষ নেতা যেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি, আষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰপতিৰ লগত মত বিনিময় কৰা দেখা যায়।

Advertisment

ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এলবানিজে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰশংসা কৰে। মোডীৰ জনপ্ৰিয়তা সম্পৰ্কে দুয়ো মন্তব্য কৰে।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে কেনেকৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৯০,০০০ তকৈও অধিক লোকে তেওঁক আদৰণি জনাবলৈ আহিছিল। তাৰ পাছতে জ' বাইডেনে প্ৰধানমন্ত্ৰী মোডীলৈ চাই হাঁহিছিল আৰু কৈছিল যে মই আপোনাৰ অটোগ্ৰাফ লোৱা উচিত।

সূত্ৰ অনুসৰি, জ বাইডেনে মোডীক কৈছে যে, আপুনি মোৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। অহা মাহত ৱাশ্বিংটনত আপোনাৰ বাবে এটা নৈশ ভোজনৰ আয়োজন কৰিম। সমগ্ৰ দেশে আপোনাক চাবলৈ আহিব বিচাৰে। ইতিমধ্যে টিকট শেষ হৈ গৈছে। আমি যদি ভাৱিছে মই ধেমালি কৰি আছো তেন্তে মোৰ টীমক সোধক। চলচ্চিত্ৰ তাৰকাৰ পৰা মোৰ আত্মীয়লৈ সকলোৱে আপোনাক চাব বিচাৰে। আপুনি যথেষ্ঠ জনপ্ৰিয়।

উল্লেখ্য যে, জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আমেৰিকালৈ যাব। জ' বাইডেন আৰু তেওঁৰ পত্নীৰ অনুৰোধ মৰ্মে নৈশ ভোজন কৰিব মোডীয়ে।

Also Read: নুমলীগড়ত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ, কেইবাটাও বাসগৃহ ভাঙি তচনচ

narendra modi