৯ প্ৰাবল্যৰ বৰ ভূঁইকঁপে জোকাৰিব এখন দেশঃ প্ৰায় ৩ লাখ লোক ক্ষতিগ্ৰস্ত হোৱাৰো আশংকা...

জাপান চৰকাৰৰ এক প্ৰতিবেদনত কোৱা হৈছে নানকাই ভূতাত্ত্বিক ফল্টৰ বৃহৎ জোকাৰণিৰ ফলত জাপানক ৯ প্ৰাবল্যৰ এক বৰ ভুঁইকঁপে পুনৰ প্ৰভাৱিত কৰাৰ আশংকা আছে।

author-image
Tushar Pratim
New Update
৯ প্ৰাবল্যৰ বৰ ভূঁইকঁপে জোকাৰিব এখন দেশঃ আগতীয়াকৈ সাৱধনতাৰ বাবে চৰকাৰে লৈছে পদক্ষেপ

ডিজিটেল ডেস্কঃ  ২৮ মাৰ্চত প্ৰৱল ভূমিকম্পই ম্যানমাৰত ধ্বংসলীলা চলোৱাৰ উপৰিও থাইলেণ্ডতো বিস্তৰ ক্ষতি কৰিলে। তাৰোপৰি ভাৰত, তীব্বতকে ধৰি আন কেইবাখনো চুবুৰীয়া দেশত ইয়াৰ মৃদু প্ৰভাৱ পৰিল। 

Advertisment

ম্যানমাৰত অহা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই দেশখনত ১৭০০ ৰো অধিক লোকৰ প্ৰাণ কাঢ়িলে। ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশ আৰু ইউৰোপীয় ইউনিয়নে ম্যানমাৰলৈ সাহায্য আগবঢ়োৱাৰ লগতে দেশখনত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

তাৰ মাজতেই এইবাৰ জাপান চৰকাৰৰ এক চৰকাৰী প্ৰতিবেদনে উদ্বেগৰ সৃষ্টি কৰিছে। জাপান চৰকাৰৰ এক প্ৰতিবেদনত কোৱা হৈছে নানকাই ভূতাত্ত্বিক ফল্টৰ বৃহৎ জোকাৰণিৰ ফলত জাপানক পুনৰ এক বৃহৎ ভূমিকম্পই প্ৰভাৱিত কৰাৰ আশংকা আছে।

সাম্ভাব্য সেই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৯ হোৱাৰ সম্ভাৱনা আছে। এনে এক বৃহৎ ভূমিকম্পই যদি সঁচাকৈয়ে জাপানক জোকাৰি যায় তেন্তে দেশখনৰ বিস্তৰ ক্ষতি হোৱাই নহয়, একপ্ৰকাৰে জাপানক ধ্বংস কৰি পেলাব বুলিলেও অত্যুক্তি কৰা নহ'ব বুলি বিশেষজ্ঞই দাবী কৰিছে।  

যদি সঁচাকৈয়ে ৯ প্ৰাবল্যৰ ভূমিকম্প আহে তেন্তে জাপানৰ প্ৰায় ৩ লাখ লোক ক্ষতিগ্ৰস্ত হ'ব। উল্লেখ্য যে ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৮ তকৈ অধিক হলে ইয়াক 'মহাকম্প' বা বৰ ভূঁইকঁপ বুলি কোৱা হয়। উল্লেখ্য যে, জাপান চৰকাৰে ২০১২-১৩ চনতেই এনে এক সাম্ভাব্য ভূমিকম্পৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰিছিল।

সেই সময়ত অৱশ্যে সম্ভাব্য ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ৩ লাখৰো অধিক হব পাৰে বুলি আশংকা কৰিছিল।সাম্প্ৰতিক পৰিস্থিতি পুনৰীক্ষণ কৰাৰ পিছত জাপান চৰকাৰে নতুন এক প্ৰতিবেদনত উল্লেখ কৰিছে ৯ প্ৰাবল্যৰ ভূমিকম্প আহিলে পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰাতকৈ ক্ষতিগ্ৰস্তৰ সংখ্যা হ্ৰাস পাব।

লগতে এই কথাও কয় যে, প্ৰযুক্তি আৰু আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিলেহে ক্ষতিগ্ৰস্তৰ সংখ্যা হ্ৰাস কৰিব পৰা যাব। জাপান চৰকাৰে সেয়ে বৰ ভূঁইকঁপ আহিলে মৃত্যুৰ সংখ্যা যাতে অনুমান কৰাতকৈ ৮০ শতাংশ হ্ৰাস কৰিব পাৰি তাৰ ওপৰত কাম কৰাৰ কথা উল্লেখ কৰিছে।

বাসগৃহ, অট্টালিকা আদিৰ ক্ষতিৰ পৰিমাণো যাতে পূৰ্বে অনুমান কৰাতকৈ ৫০ শতাংশ হ্ৰাস কৰিব পাৰি তাৰ ওপৰত প্ৰযুক্তিগত কাম কৰিবলৈ আৰম্ভ কৰিছে। স্মৰ্তব্য যে, নানকাই ভূতাত্ত্বিক খণ্ডৰ দৈৰ্ঘ্য প্ৰায় ৮০০ কিলোমিটাৰ। ই টকিঅ’ৰ পশ্চিমে শ্বিজুওকাৰ পৰা দক্ষিণে কিউছু দ্বীপলৈকে বিস্তৃত হৈ আছে। এই অঞ্চলটো দুখন টেকটনিক প্লেটৰ সংযোগস্থল।

ফিলিপাইনছ সাগৰৰ টেকটনিক প্লেটখন ক্ৰমান্বয়ে জাপান বহি থকা প্লেটখনৰ তলত তললৈ নামি আহিছে। যদি এই প্লেট দুখনেই গতি কৰে তেন্তে ইহঁতৰ মাজত সংঘৰ্ষৰ ফলত বিপুল শক্তি নিৰ্গত হ’ব। ইয়াৰ ফলত বৰ ভূঁইকঁপ হ’ব পাৰে। 

ফলত চুনামীৰো সৃষ্টি হ’ব। তেনে ক্ষেত্ৰত সাগৰৰ ঢৌৰ উচ্চতা অতি কমেও ১০ ফুট পৰ্যন্ত হ’ব। একাংশ সংবাদ সংস্থাই জাপান চৰকাৰৰ প্ৰতিবেদনৰ উধৃতিৰে এই দাবীও কৰিছে যে সম্ভাব্য তেনে ছুনামীৰ ফলত ২ লাখ ১৫ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হ’ব পাৰে। ভাঙিব পাৰে ৭৩ হাজাৰ ঘৰ। জাপানৰ আৰ্থিক ক্ষতিও প্ৰায় ১৮০ বিলিয়ন ডলাৰ হ’ব পাৰে।

মন কৰিবলগীয়া যে, যোৱা ১৪০০ বছৰৰ ৰেকৰ্ডৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায়, এই নানকাই খণ্ডত প্ৰায় ১০০ৰ পৰা ২০০ বছৰৰ মূৰে মূৰে বৰ ভূঁইকঁপ বা মহাকম্প সংঘটিত হৈ আহিছে। শেহতীয়া তেনে মহাকম্প হৈছিল ১৯৪৬ চনত।

সেই সময়ত জাপানত অহা মহাকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত আছিল ৮.১। সেইবাৰ দেশখনত প্ৰায় ১৪০০ লোকৰ মৃত্যু হয়। যোৱা জানুৱাৰী মাহত জাপান চৰকাৰৰ এটা পেনেলে আগন্তুক ৩০ বছৰৰ ভিতৰত দেশখনত আন এক ‘বৃহৎ ভূমিকম্প’ সংঘটিত হ’ব পাৰে বুলি আশংকা কৰিছিল।

তেওঁলোকৰ মতে এই ভূমিকম্প অহাৰ সম্ভাৱনা ৭৫ৰ পৰা ৮২ শতাংশ নিশ্চিত। তাৰ পাছতেই জাপান চৰকাৰে তেনে ভূমিকম্পৰ ফলত কিমান ক্ষতি হ’ব পাৰে তাৰ সম্ভাৱ্য হিচাপেৰে এক প্ৰতিবেদন প্ৰকাশ কৰিছে যাতে আগতীয়াকৈ এই ক্ষয়, ক্ষতিৰ পৰিমাণ হ্ৰা কৰিব পৰাকৈ সাৱধানতা অৱলম্বন কৰিব পাৰি। 

 

ভূমিকম্প জাপান