/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/sf-1.png)
ডিজিটেল ডেস্ক: দুই দিনীয়া ভ্ৰমণসূচীৰে ১৯ মাৰ্চত দিল্লীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ফুমিয়ো কিশিদা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত তেওঁ ভাৰত-জাপানত ১৪তম শীৰ্ষ সন্মিলনত অংশ গ্ৰহণ কৰিব।
বিদেশ মন্ত্ৰালয়ৰ প্ৰৱক্তা অৰিন্দম বাগচীয়ে এক প্ৰেচ বিবৃতিৰ জৰিয়তে বৃহস্পতিবাৰে এই কথা জনাই।তেওঁ কয় যে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিয়ো কিশিদা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণ ক্ৰমে ১৯-২০ মাৰ্চত ভাৰতলৈ আহিব।
তেওঁ জনাই যে বৈঠকৰ মাজত ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা কৰিব।পশ্চিমীয়া দেশ সমূহে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ মাজতেই জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ বিষয়টো অতি গুকুত্বপূৰ্ণ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে জাপানৰ প্ৰধানমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সময়ত মোডীয়ে তেওঁৰ লগত ফোনযোগে বাৰ্তালাপ কৰিছিল।