/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/419509-chandrayaan-2.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা চন্দ্ৰ কক্ষপথত সংস্থাপিত হল চন্দ্ৰযান-২। ২০১৯ চনৰ ২২ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাৰ পৰা নিক্ষেপ কৰা হৈছিল চন্দ্ৰযান-২। ৩০ দিনীয়া যাত্ৰাৰ অন্তত চন্দ্ৰযান-২ চন্দ্ৰৰ কক্ষপথত স্থাপন কৰা হয়। মহাকাশ বিজ্ঞানী সকলৰ বাবে এয়া আছিল চন্দ্ৰযান অভিযানৰ আটাইতকৈ জটিল কাম। পৰিকল্পনা অনুসৰিয়ে এতিয়ালৈকে সকলো আগবাঢ়িছে। প্ৰতি ঘন্টাত ৩৯,২৪০ কিঃমিঃ বেগত থকা এই চন্দ্ৰযানখন চন্দ্ৰৰ কক্ষপথত স্থাপন কৰাটো ডাঙৰ প্ৰত্যাহ্বান আছিল ইছৰোৰ বিজ্ঞানীসকলৰ বাবে।
ইছৰোৰ অধ্যক্ষ ড০ কে. শিৱনৰ মতে শব্দতকৈ ৩০ গুণ অধিক বেগত থকা এই চন্দ্ৰযান সৰু এটা ভুলৰ বাবেই চন্দ্ৰৰ কক্ষপথত স্থাপন কৰা সম্ভৱ নহলহেতেন। এয়া ভাৰতীয় মহাকাশ বিজ্ঞানীৰ বাবে অতি গুৰুত্বপূৰ্ণ অভিযান আছিল।
ইছৰো প্ৰাক্তন বিজ্ঞানী চন্দ্ৰযান-১ ৰ মুৰব্বী এম. আন্নাডুৰাই এয়া কিমান জটিল আছিল সেই সন্দৰ্ভত ব্যাখা কৰি কয়- এয়া কোনো এজন ব্যক্তিৰ বাবে হাতত গোলাপ লৈ প্ৰতি ঘন্টাত ৩৬০০ কিঃমিঃ বেগত নাচি গৈ থকা এগৰাকী মহিলাক প্ৰস্তাৱ দিয়াৰ কৰে কাম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us