বতৰে লগালে খেলিমেলিঃ আজি মহাকাশলৈ নাযায় ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা, পুনৰ নতুন সূচী ঘোষণা

ভাৰতৰ মহাকাশ গৱেষণাক নতুন মাত্ৰা প্ৰদান কৰি এগৰাকী ভাৰতীয় মহাকাশচাৰীৰ সহায়ত মহাকাশ অন্বেষণৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰাৰ দিশে আগবাঢ়িছে ইছৰো।

author-image
Asomiya Pratidin
New Update
বতৰে লগালে খেলিমেলিঃ আজি মহাকাশলৈ নাযায় ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা, পুনৰ নতুন সূচী ঘোষণা

ডিজিটেল ডেস্কঃ ভাৰতৰ মহাকাশ গৱেষণাক নতুন মাত্ৰা প্ৰদান কৰি এগৰাকী ভাৰতীয় মহাকাশচাৰীৰ সহায়ত মহাকাশ অন্বেষণৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰাৰ দিশে আগবাঢ়িছে ইছৰো। কিন্তু দুৰ্ভাগ্যজনকভাৱে ইয়াৰ প্ৰথমটো খোজতেই সন্মুখীন হ’বলগীয়া হৈছে বিপৰ্যয়ৰ। 

Advertisment

১০ জুন, মঙলবাৰে Axiom-4 মহাকাশজানত উঠি ফ্লৰিডাৰ কেনেডি স্পেছ চেণ্টাৰৰ পৰা চাৰি মহাকাশচাৰী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱাৰ সূচী নিৰ্ধাৰণ কৰা হৈছিল। এই চাৰি মহাকাশ যাত্ৰীৰ অন্যতম আছিল ভাৰতৰ সুভাংশু শুক্লা। যাক পৰৱৰ্তী এক অভিযানৰ বাবে অভিজ্ঞতা আহৰণ কৰিবলৈ এই অভিযানলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

সকলো পৰিকল্পনা মতেই আগবঢ়াছিল। কিন্তু হঠাৎ বতৰৰ বাবেই পিছুৱাই দিবলৈ বাধ্য হৈছে এই মহাকাশ যাত্ৰাৰ সময়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই তেওঁলোকৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। 

ইছৰোৱে উল্লেখ কৰিছে নিৰ্দিষ্ট তাৰিখত এই অভিযান আৰম্ভ নহয়। অভিযানৰ সময় কমেও ২৪ ঘণ্টা পিছুৱাই দিয়া হৈছে।

ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কয় যে, ১০ জুনৰ পৰিৱৰ্তে ১১ জুন, বুধবাৰে সন্ধিয়া ৫:৩০ বজাতহে এই মহাকাশ যানখনে পৃথিৱীৰ পৰা মহাকাশলৈ যাত্ৰা কৰিব। উল্লেখ্য যে, ভাৰতৰ নিজা প্ৰযুক্তি আৰু প্ৰতিভাক আধাৰ হিচাপে লৈ আৰম্ভ হৈছে গগনযান অভিযান। যি ইতিহাস হ'বলৈ আগবাঢ়িছে। 

তাৰ পূৰ্বে ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন সুভাংশু শুক্লাক এটা ব্যক্তিগত কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁৰ সংগী হৈছে মহাকাশাত দীৰ্ঘদিন কটোৱা প্ৰবীণ মহাকাশচাৰী পেগী হুইটছন আৰু পোলেণ্ড, হাংগেৰীৰ দুই মহাকাশচাৰী।  

এই চাৰিজনে মঙলবাৰে বিয়লিৰ ভিতৰত Axiom-4  কেপচুলৰ জৰিয়তে মহাকাশলৈ যাত্ৰা কৰাৰ কথা আছিল। কিন্তু ইছৰোৱে শেষ মুহূৰ্তত অনুকূল বতৰৰ বাবে এই অভিযান ২৪ ঘণ্টাৰ বাবে পিছুৱাই দিয়ে।

জানিব পৰা মতে, বুধবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫:৩০ বজাত Axiom-4  যাত্ৰা আৰম্ভ হ’ব। এই যাত্ৰাৰ দৃশ্য ইছৰোৰ ছ’চিয়েল মিডিয়া পেজত লাইভ সম্প্ৰচাৰ কৰা হ’ব। আশীৰ দশকৰ প্ৰথম ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাৰ পিছত ইতিহাস ৰচনাৰ পথত আগবাঢ়া সুভাংশু শুক্লাৰ এই যাত্ৰা সমগ্ৰ দেশেই সাক্ষী হ’ব। 

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দুসপ্তাহ কটাব Axiom-4 ৰ চাৰিগৰাকী মহাকাশচাৰীয়ে। তাৰ পৰা উভতি অহাৰ পিছত সেই অভিজ্ঞতাৰেই সুভাংশুৱে ভাৰতৰ নিজা মহাকাশ অভিযান গগনযানতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

মহাকাশ গৱেষণাগাৰ মহাকাশ ইছৰো