২০০৮ চনৰ মুম্বাই আক্ৰমণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ইজৰাইল সংসদৰ অধ্যক্ষৰ...

author-image
Asomiya Pratidin
New Update
২০০৮ চনৰ মুম্বাই আক্ৰমণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ইজৰাইল সংসদৰ অধ্যক্ষৰ...

ডিজিটেল ডেস্কঃ ইজৰাইল সংসদৰ অধ্যক্ষই ২০০৮ চনৰ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইজৰাইল সংসদৰ অধ্যক্ষ ওহানাই ভাৰত ভ্ৰমণ পূৰ্বে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰি মুম্বাই আক্ৰমণত জড়িত থকা সকলৰ কঠোৰ শাস্তিৰ দাবী কৰে।

Advertisment

তেওঁ কয় যে মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা সকলে কঠোৰতম শাস্তি পাব লাগে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দুয়োখন দেশৰ বাবে উদ্দেশ্য।

প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ঘনিষ্ঠ বিশ্বাসী আমিৰ ওহানাই যোৱা বছৰ ডিচেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ প্ৰথমবাৰৰ বাবে চৰকাৰী কাৰ্যসূচী হিচাপে ভাৰত ভ্ৰমণ কৰিব। ৩১ মাৰ্চত ভাৰতলৈ আহিব ওহানা।

সন্ত্ৰাসবাদ এক উদ্বেগজনক বিষয় বুলি মন্তব্য কৰে ওহানাই। ভাৰত আৰু ইজৰাইল দুয়ো দেশেই সন্ত্ৰাসবাদ সমস্যাৰ সন্মুখীন হৈছে। গতিকে ইয়াৰ বিৰুদ্ধে দুয়োখন দেশে একেলগে যুঁজ দিব।

তেওঁ কয় যে, "আমি সকলোৱে ২০০৮ চনত মুম্বাইৰ ঘৃণনীয় সন্ত্ৰাসবাদী আক্ৰমণৰ কথা জানো।সেই আক্ৰমণক ২০০ জনৰো অধিক লোকক হত্যা কৰা হৈছিল যাৰ ভিতৰত ১৭৮ জন ভাৰতীয় আছিল। হত্যা কৰা বিদেশীসকলৰ ভিতৰত ইজৰাইলী আৰু ইহুদীসকলও আছিল । তেওঁ কয় যে এয়া কেৱল ভাৰতীয় সকলৰ ওপৰতে নহয়,ইহুদী সকলৰ ওপৰতো আক্ৰমণ আছিল। যি সকলে এই ঘটনা পৰিকল্পনা কৰিছিল তেওঁলোকে উপযুক্ত শাস্তি পাব লাগে।

উল্লেখ্য যে, ৪ দিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ আহিব ওহানাই। এই সময়চোৱাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱণা আছে।

Also Read: ঘৰুৱা চিলিণ্ডাৰৰ পৰা সোণলৈকঃ নতুন বিত্তীয় বৰ্ষত নিৰ্ধাৰণ হ'ব নতুন দাম

Israel