সুখবৰ, ২০২০ ত চিকিৎসাখণ্ডত উপলদ্ধ হ’ব কেন্সাৰ ৰোগৰ প্ৰতিষেধক!

সুখবৰ, ২০২০ ত চিকিৎসাখণ্ডত উপলদ্ধ হ’ব কেন্সাৰ ৰোগৰ প্ৰতিষেধক!

author-image
asomiyapratidin
New Update
সুখবৰ, ২০২০ ত চিকিৎসাখণ্ডত উপলদ্ধ হ’ব কেন্সাৰ ৰোগৰ প্ৰতিষেধক!

ডিজিটেল ডেস্কঃ কেন্সাৰ। এনেকুৱা এবিধ ৰোগ যি ৰোগে বহু পৰিয়াললৈ নমাই আনে অন্ধকাৰ। হাতত ধন থাকিলেও এই ৰোগৰ পৰা বাচিব পৰা কোনো পথ নাথাকে। অৱশ্যে কেন্সাৰৰ প্ৰাৰম্ভিক পৰ্যায়ত যদি চিকিৎসা কৰা হয় তেতিয়া এইক্ষেত্ৰত সকাহ পায় ৰোগীয়ে। কিন্তু শেষৰ স্তৰত এই ৰোগৰ পৰা উপশম পোৱাৰ কোনো বাট নাথাকে। কিন্তু শেহতীয়াকৈ এই ক্ষেত্ৰলৈ আহিছে এক সুখবৰ।

ইজৰাইলৰ 'ডুবেট মু টা ট' নামৰ প্ৰতিষ্ঠানটোৰ এদল বিজ্ঞানীয়ে আৱিষ্কাৰ কৰি উলিয়াইছে কেন্সাৰ ৰোগৰ প্ৰতিষেধক। ইতিমধ্যে এই প্ৰতিষেধক বিধৰ সন্দৰ্ভত কৰা পৰীক্ষা-নিৰীক্ষা কৰি শেষ পৰ্যায়ত উপনীত হৈছে বিজ্ঞানী দলটো। এই পৰীক্ষাত যদি সফল হয় তেন্তে ২০২০ তে বিশ্বৰ চিকিৎসাখণ্ডত পোনপ্ৰথম বাৰৰ বাবে উপলদ্ধ হ'ব এই যুগান্তকাৰী প্ৰতিষেধকবিধ,যাৰ জৰিয়তে শৰীৰৰ পৰা সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিব পৰা যাব কেন্সাৰ বীজাণুক।

ইজৰাইলৰ এখন স্থানীয় বাতৰি কাকতত প্ৰতিষ্ঠানটোৰ সঞ্চালক ড'ন এৰিডৰে জানিবলৈ দিয়ে যে – এই প্ৰতিষেধকবিধে কেন্সাৰ ৰোগীৰ ক্ষেত্ৰত প্ৰথম দিনাই পৰাই প্ৰতিক্ৰিয়া আৰম্ভ কৰিব। সঞ্চালক গৰাকীয়ে জনোৱা মতে কেন্সাৰৰ আনবোৰ ঔষধৰ তুলনাত এই প্ৰতিষেধক বিধ মূল্য হ'ব যথেষ্ট কম। উল্লেখ্য যে, নিগনিৰ দেহত এই প্ৰতিষেধক বিধ পৰীক্ষা কৰি ইতিমধ্যেই সফল হৈছে বিজ্ঞানী দলটো। ২০১৯ৰ মাজভাগত মানুহৰ শৰীৰত পৰীক্ষা কৰাৰ পাছতে এই প্ৰতিষেধক বিধৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব দলটোৱে।