Advertisment

গাজাত এই পৰ্যন্ত ইজৰাইলী সেনাৰ হাতত প্ৰাণ গ'ল ১৮ সাংবাদিকৰ...

যুদ্ধ বিধ্বস্ত গাজাত এইবাৰ ইজৰাইলী সেনাৰ আক্ৰমণ লক্ষ্য হৈ পৰিছে সাংবাদিক। বৃহস্পতিবাৰে বিমান আক্ৰমণত দক্ষিণ গাজাত ৫ জনকৈ সাংবাদিক নিহত হৈছে বুলি জানিব পৰা গৈছে। 

author-image
Asomiya Pratidin
New Update
গাজাত এই পৰ্যন্ত ইজৰাইলী সেনাৰ হাতত প্ৰাণ গ'ল ১৮ সাংবাদিকৰ...

ডিজিটেল ডেস্কঃ যুদ্ধ বিধ্বস্ত গাজাত এইবাৰ ইজৰাইলী সেনাৰ আক্ৰমণ লক্ষ্য হৈ পৰিছে সাংবাদিক। বৃহস্পতিবাৰে বিমান আক্ৰমণত দক্ষিণ গাজাত ৫ জনকৈ সাংবাদিক নিহত হৈছে বুলি জানিব পৰা গৈছে। 

Advertisment

পেলেষ্টাইনৰ শসস্ত্ৰ বাহিনী হামাছৰ দ্বাৰা নিয়ন্ত্ৰিত আঞ্চলিক প্ৰশাসনে এই কথা প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ সংবাদ মাধ্যম আল জাজিৰাই প্ৰকাশ কৰা মতে নিহত এই ৫ সাংবাদিকৰ বাহনত ডাঙৰ ডাঙৰ আখৰেৰে PRESS বুলি লিখা আছিল।

তেওঁলোকে নুছেইৰত শৰনাৰ্থী শিবিৰৰ কিছু আঁতৰত থকা আল-আওদা হাস্পতাললৈ খবৰ সংগ্ৰহ কৰিবলৈ গৈছিল এই ৫ সাংবাদিক। সেই সময়তে ইজৰাইলী সেনাই বিমানৰ পৰা সাংবাদিকৰ বাহনখনক লক্ষ্য কৰি বোমা নিক্ষেপ কৰে।

২০২৩ চনৰ ৭ অক্টোবৰত হামাছে গাজা সীমান্তৰ পৰা ইজৰাইল আক্ৰমণ কৰাৰ পিছৰে পৰা গাজাত যুদ্ধ অব্যাহত আছে।এই যুদ্ধৰ বাতৰি সংগ্ৰহ কৰা সাংবাদিকসকলো ইজৰাইলী সেনাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে।

একেই অৱস্থা লেবাননতো। ইজৰাইলী সেনাৰ আক্ৰমণত ৰয়টাৰ, আল জাজিৰাকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সংবাদকৰ্মী নিহত হৈছে।

ৰিপ'ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ (আৰ এছ এফ)ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধ আৰু সংঘৰ্ষৰ পৰিস্থিতিত কাম কৰি থকা অৱস্থাত এই বছৰৰ ১ জানুৱাৰীৰ পৰা ১ ডিচেম্বৰৰ ভিতৰত ৫৪ জন সাংবাদিক নিহত হৈছে। ইয়াৰে ১৮ জনকেই ইজৰাইলী সেনাই হত্যা কৰিছে। তাৰে ভিতৰত ১৬ জন গাজাত নিহত হৈছে।

ইজৰাইল গাজা ষ্ট্ৰিপ সাংবাদিক