মাছুম বিল্লাহ,ঢাকাঃ বাংলাদেশত শেহতীয়াকৈ International Society for Krishna Consciousness চমুকৈ ইছকনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ মাজতে আজি ইছকনৰ ফালৰ পৰা স্পষ্টিকৰণ প্ৰকাশ কৰিছে। ইছকনৰ ফালৰ এই সন্দৰ্ভত কয় নিয়ম ভংগ কৰাৰ বাবে বহিষ্কাৰ কৰা হৈছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা চিন্ময় কৃষ্ণ দাসক।
ফলত ইছকনৰ সৈতে তেওঁৰ বৰ্তমান কোনো সম্পৰ্ক নাই। সেয়ে চিন্ময় কৃষ্ণ দাসৰ কোনো কাম-কাজৰ দায়িত্ব ইছকনে গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিছে।
ইছকনৰ সাধাৰণ সম্পাদক চাৰু চন্দ্ৰ দাস ব্ৰহ্মচাৰীয়ে এই সন্দৰ্ভত কয়, বহিষ্কৃত চিন্ময় কৃষ্ণ দাসৰ কৰ্মকাণ্ড আৰু বক্তব্য তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত। ইয়াৰ দায়িত্ব ইছকনে গ্ৰহণ নকৰে।
বৃহস্পতিবাৰে ঢাকাৰ স্বামীবাগ আশ্ৰমত আয়োজিত এক সংবাদ মেলত তেওঁ এইদৰে কয়। চাৰুৱে লগতে কয়, চিন্ময় কৃষ্ণ দাসৰ সন্দৰ্ভত ভাৰতৰ মন্তব্য বা অৱস্থানৰ সৈতে ইছকনৰ কোনো সম্পৰ্ক নাই। কোনো দেশৰ কোনো ব্যক্তিয়ে চিন্ময়ক লৈ কি উদ্যোগ গ্ৰহণ কৰিছে বা কি কৈছে তাৰ বাবে ইছকন দায়ী নহয়।
তেওঁ আৰু কয়, চট্টগামৰ আইনজীৱিক হত্যা কৰা ঘটনাৰ সৈতে ইছকনক অন্যায়ভাৱে জড়িত কৰা হৈছে। এয়া অপপ্ৰচাৰ। তাৰোপৰি পথ দুৰ্ঘটনাৰ বাবেও ইছকন জগৰীয়া নহয়। শিশুৰ সৈতে অনৈতিক কামসহ অনেক বিতৰ্কিত কাম-কাজৰ বাবে বহু পূৰ্বেই চিন্ময় কৃষ্ণ দাসক ইছকনৰ পৰা অব্যাহতি দিয়া হৈছিল।
যোৱা ২৫ নৱেম্বৰৰ বিয়লি প্ৰায় ৪ বজাত চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক ঢাকা বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বি জি বিয়ে। তাৰ পাছত তেওঁক আৰক্ষীলৈ হস্তান্তৰ কৰা হয়।
তেওঁৰ বিৰুদ্ধে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা অৱমাননাৰ অভিযোগ। যোৱা ৩১ অক্টোবৰত বি এন পি নেতা ফিৰোজ খানে কোতাৱলি আৰক্ষী থানাত ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ সন্দৰ্ভত এক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিছিল। এই গোচৰতে চিন্ময় কৃষ্ণ দাসসহ মুঠ ১৯ জনক অভিযুক্ত কৰা হৈছে।
অভিযোগত কোৱা হৈছে যে, ৫ আগষ্টৰ গণ অভ্যুত্থানৰ সময়ত নিউমাৰ্টৰ জিৰো পইণ্টত থকা স্তম্ভৰ ওপৰত বৈষম্য বিৰোধী ছাত্ৰ-জনতাই এখন জাতীয় পতাকা উত্তোলন কৰিছিল। সেই পতাকা এতিয়াও তাতেই আছে। ২৫ অক্টোবৰত বাংলাদেশৰ সনাতন জাগৰণ মঞ্চৰ উদ্যোগত এখন মহা সমাবেশ হৈছিল।
চট্টগামৰ বিভিন্ন এলেকাৰ পৰা এই সমাবেশলৈ হাজাৰ হাজাৰ মানুহ আহিছিল।সেইদিনা চন্দন কুমাৰ ধৰকে ধৰি ৯ জন অভিযুক্তৰ প্ৰৰোচনাত বাকী অভিযুক্তসকলে নিউ মাৰ্কেট চাৰিআলিৰ জিৰো পইণ্ট স্তম্ভ আৰু ইয়াৰ চাৰিওফালে বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাত ধৰ্মীয় সংস্থা ইছকনৰ গেৰুৱা ৰঙৰ ধৰ্মীয় পতাকা উত্তোলন কৰে। ইয়াৰ ফলত সাধাৰণ নাগৰিকসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল।
পিছত, ইছকনৰ প্ৰচাৰক ধামৰ অফিচিয়েল ফেচবুক পেজত এটা ভিডিঅ' বাৰ্তাত দেশদ্ৰোহৰ গোচৰ সন্দৰ্ভত চিন্ময় কৃষ্ণ দাসৰ এটা বিবৃতি প্ৰকাশ হৈছিল। তাত, তেওঁ এই গোচৰটোক সনাতনিৰ আঠ দফীয়া দাবীৰ শান্তিপূৰ্ণ আন্দোলন কাৰ্যসূচীক বিচ্যুত কৰাৰ প্ৰয়াস বুলি উল্লেখ কৰে।
সেই বিবৃতিত চিন্ময় কৃষ্ণ দাসে কৈছিল ৫ আগষ্টৰ পাছত সনাতনী লোকসকলৰ ওপৰত হোৱা হিংসাত্মক আক্ৰমণ, নিৰ্যাতনৰ বিৰুদ্ধে এই প্ৰতিবাদ। এই আন্দোলন বৰ্তমানৰ চৰকাৰ অথবা ৰাষ্ট্ৰৰ বিৰুদ্ধে নহয়।