ইজৰাইলত ইৰাণৰ ধাৰাবাহিক মিছাইল আক্ৰমণঃ বিধ্বস্ত হৈছে এখন হাস্পতালো...

মধ্যপ্ৰাচ্যৰ আকাশত অহৰহ উৰি আছে বাৰুদুৰ ক’লা ধোঁৱা। আজি সাত দিনে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধই বহু সামৰিক আৰু অসামৰিক লোকৰ প্ৰাণ কাঢ়িলে।

author-image
Asomiya Pratidin
New Update
iran 19

ডিজিটেল ডেস্কঃ মধ্যপ্ৰাচ্যৰ আকাশত অহৰহ উৰি আছে বাৰুদুৰ ক’লা ধোঁৱা। আজি সাত দিনে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধই বহু সামৰিক আৰু অসামৰিক লোকৰ প্ৰাণ কাঢ়িলে।

Advertisment

বৃহস্পতিবাৰে পুৱাই ইজৰাইলে ইৰাণৰ এটা পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলালে। ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ইৰাণেও ইজৰাইলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে নিক্ষেপ কৰে ক্ষেপণাস্ত্ৰ। 

জানিব পৰা মতে ইৰাণে দক্ষিণ ইজৰালৰ এখন হাস্পতালত নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰৰ ফলত হাস্পতালখন সম্পূৰ্ণ ৰূপে ধ্বংস হৈছে। বিভিন্ন সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ঘটনাত এতিয়ালৈকে অতি কমেও ৬৫ জন লোক আহত হৈছে। 

খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱাই ইজৰাইলে ইৰাণৰ আৰক পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলায়। তাৰ পিছৰে পৰা ইৰাণে ইজৰাইলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বেলিষ্টিক মিছাইল আক্ৰমণ চলাইছে। 

ইজৰাইলৰ দক্ষিণৰ বেৰচেবা চহৰৰ অন্যতম মুখ্য চিকিৎসালয় হিচাপে পৰিচিত ‘ছ’ৰোকা’ত ইৰাণে আক্ৰমণ চলালে। আল জাজিৰাৰ খবৰ অনুসৰি টেল আভিভ ষ্টক এক্সচেঞ্জৰ ভৱনকো লক্ষ্য কৰি আক্ৰমণ কৰা হৈছিল। 

ইয়াৰ উপৰিও ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে দেশৰ মাজমজিয়াত থকা আৱাসিক এলেকাত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি দাবী কৰিছে। তেওঁ কয়, "আজি পুৱা ইৰাণৰ সন্ত্ৰাসবাদী একনায়কত্ববাদীয়ে বেৰশ্বেবাৰ ছ'ৰোকা হাস্পতালত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। এই আক্ৰমণত আৱাসিক অঞ্চলক লক্ষ্য কৰি লোৱা হয়। আমি তেওঁলোকৰ বিৰুদ্ধে প্ৰতিশোধ লম। ইয়াৰ মূল্য তেহৰাণে দিব লাগিব।" 

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজেও একে সুৰতে কয় যে এই আক্ৰমণৰ পৰিণতি ইৰাণে ভোগ কৰিব লাগিব। ইজৰাইলৰ সেনাই অভিযোগ কৰা অনুসৰি ইৰাণে বৃহস্পতিবাৰে পুৱাৰে পৰা ধাৰাবাহিকভাৱে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। 

ইয়াৰে বহু কেইটা মিছাইলে অসামৰিক অঞ্চলতো আঘাত কৰিছে। ইৰাণৰ ক্ষেপণাস্ত্ৰই ইটোৰ পিছত সিটোকৈ টেল আভিভত আঘাত হানিছে। ছ’ৰ’কা হাস্পতালত সংঘটিত হোৱা আক্ৰমণৰ কেইবাখনো ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াতো প্ৰচাৰিত হৈছে। 

ইজৰাইলৰ জৰুৰীকালীন সেৱা বিভাগে জনোৱা মতে, এই ঘটনাত এতিয়ালৈকে কমেও ৬৫ জন লোক আহত হৈছে। ইৰাণৰ সংবাদ সংস্থা মাধ্যমে দাবী কৰিছে ইৰাণৰ সামৰিক বাহিনীয়ে বৃহস্পতিবাৰে পুৱা ইজৰাইল সেনাৰ কমাণ্ড এণ্ড ইনটেলিজেন্সৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলাইছে।

গাভ-য়ামত থকা ইজৰাইলৰ সামৰিক চোৰাংচোৱাৰ এটা কাৰ্যালয়তো আক্ৰমণ কৰা হৈছে। তেওঁলোকে কয় ইজৰাইলৰ যিখন চিকিৎসালয়ত মিছাইল পৰিছে সেই চিকিৎসালয়খনৰ সামান্যহে ক্ষতিসাধান হৈছে। তেওঁলোকৰ উদ্দেশ্য আছিল মূলতঃ সামৰিক আৰু চোৰাংচোৱা কাৰ্যালয়ত আক্ৰমণ কৰা।

 

 

মধ্যপ্ৰাচ্য যুদ্ধ ইৰাণ ইজৰাইল যুদ্ধ