বিশ্বৰ শীৰ্ষ ১০০ টা কোম্পানীৰ ভিতৰত ভাৰতৰ কেৱল 'ইনফ’ছিছ'ৰ নাম

বিশ্বৰ শীৰ্ষ ১০০ টা কোম্পানীৰ ভিতৰত ভাৰতৰ কেৱল 'ইনফ’ছিছ'ৰ নাম
Published on
Updated on

ডিজিটেল ডেস্কঃ টাইম মেগাজিন আৰু অনলাইন ডাটা প্লেটফৰ্ম ষ্টেটিষ্টাই সংকলন কৰা ২০২৩ চনৰ বিশ্বৰ শ্ৰেষ্ঠ কোম্পানীসমূহৰ শীৰ্ষ ১০০ তালিকাত স্থান পোৱা কোম্পানীবোৰৰ ভিতৰত  ইনফ’ছিছ লিমিটেড হৈছে একমাত্ৰ ভাৰতীয় কোম্পানী।

মাইক্ৰ’ছফ্ট, এপল, আলফাবেট (গুগলৰ মালিক কোম্পানী) আৰু মেটা প্লেটফৰ্মছ (পূৰ্বতে ফেচবুক)ৰ দৰে টেক কোম্পানীয়ে শীৰ্ষস্থান দখল কৰা তালিকাত ইনফ’ছিছ লিমিটেডে ৬৪ নং স্থান দখল কৰিবলৈ সক্ষম হয়।

এই সমীক্ষাত ৰাজহ বৃদ্ধি, কৰ্মচাৰীৰ সন্তুষ্টিৰ জৰীপ, কঠোৰ পৰিৱেশ,  সামাজিক আৰু কৰ্পৰেট শাসন (ই এছ জি বা বহনক্ষমতা) তথ্যৰ সূত্ৰৰ ওপৰত ভিত্তি কৰি কোম্পানীসমূহক স্থান প্ৰদান  কৰা হৈছিল।

এই সমীক্ষাৰ দ্বাৰা পোহৰলৈ অহা তথ্য অনুসৰি দ্ৰুতগতিত আগবাঢ়ি অহা টেক আৰু ব্যৱসায়িক সেৱা কোম্পানীসমূহে এসময়ত বিশ্ব অৰ্থনীতিক আগুৱাই নিয়া নিৰ্মাতা আৰু গ্ৰাহক সামগ্ৰী কোম্পানীসমূহক স্থানচ্যুত কৰিছে।

টাইমে মেগাজিনে নিজৰ ৱেবছাইটত কয় যে, টেক কোম্পানীসমূহে ভাল প্ৰদৰ্শন কৰাৰ কাৰণ হ’ল তেওঁলোকৰ কাৰ্বন নিৰ্গমন বিমান সংস্থা,  হোটেল বা ডাঙৰ নিৰ্মান কাৰ্য কৰা কোম্পানীসমূহতকে বহু কম। ইয়াৰ লগতে টেক কোম্পানীবোৰে ভাল স্থান দখল কৰাৰ কাৰণ হিচাপে টাইমে কয় যে, টেক কোম্পানীবোৰৰ কৰ্মচাৰীসকল বহুলাংশে সুখী। যোৱা তিনি বছৰত এই কোম্পানীবোৰে যথেষ্ট আৰ্থিক লাভ অৰ্জন কৰিও সামাজিক শাসনৰ নীতিৰ প্ৰতি দায়বদ্ধ হৈ আছে। ইয়াৰ ভিতৰত নিৰ্গমন হ্ৰাস কৰা আৰু তেওঁলোকৰ ব’ৰ্ডত অধিক মহিলা নিযুক্তি দিয়া অন্যতম বুলি টাইমে উল্লেখ কৰে।

ইনফ’ছিছৰ উপৰিও আন ৭টা ভাৰতীয় কোম্পানীয়ে টাইমৰ দ্বাৰা প্ৰকাশিত এই তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। উইপ্ৰ’ লিমিটেডে ১৭৪ নং স্থান, মহিন্দ্ৰা গ্ৰুপে ২১০ নং স্থান, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে ২৪৮ নং স্থান, এইচ চি এল টেকন’লজিছ লিমিটেডে ২৬২ নং স্থান, এইচ ডি এফ চি বেংক ৪১৮ নং স্থান, ডব্লিউ এন এছ গ্ল’বেল চাৰ্ভিচেছ ৫৯৬ নং স্থান আৰু আই টি চি লিমিটেডে ৬৭২ নং স্থান লাভ কৰে।

বিশ্বৰ শীৰ্ষ ১০০ টা কোম্পানীৰ ভিতৰত ভাৰতৰ কেৱল 'ইনফ’ছিছ'ৰ নাম
পঞ্চভূতত বিলীন দিলীপ কুমাৰ হাজৰিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in