/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/rafel.jpg)
ডিজিটেল ডেস্কঃ যুঁজাৰু বিমান ৰাফেল ক্ৰয় কৰাত দুৰ্নীতি হৈছিল নেকি? এই প্ৰশ্নই সময়ে সময়ে দেশৰ ৰাজনীতি গৰম কৰি আহিছে। শেহতীয়াকৈ এই প্ৰশ্নক প্ৰাসংগিক কৰি তুলিছে ইণ্ডোনেছিয়াই ৰাফেল ক্ৰয় কৰিবলৈ লোৱাৰ বাবে।
ইণ্ডোনেছিয়াই ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব ৪২ খন ৰাফেল। ইয়াৰ বাবে দেশখনে ফ্ৰান্সৰ লগত সম্পাদিত কৰিছে চুক্তি। এইখিনিলৈকে ঠিকেই আছিল। কিন্তু এই চুক্তিৰ সবিশেষ প্ৰকাশ হোৱাৰ লগে লগে এতিয়া ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰা ৰাফেলৰ প্ৰসংগ বিশ্বজুৰি পুনৰ আৰম্ভ হৈছে।
ইণ্ডোনেছিয়াই ফ্ৰান্সৰ পৰা ক্ৰয় কৰবলৈ লোৱা ৪২ খন ৰাফেলৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে৮.১ বিলিয়ন ডলাৰ। চৰ্চাৰ কাৰণ এইখিনিতেই। কাৰণ ইণ্ডোনেছিয়াই ফ্ৰান্সৰ পৰা ভাৰততকৈ বহু কম মূল্যত ক্ৰয় কৰিলে ৰাফেল।
ভাৰতে ফ্ৰান্সৰ ক্ৰয় কৰিছিল ৩৬ খন ৰাফেল। ইয়াৰ বিনিময়ত ফ্ৰান্সক ভাৰতে দিছিল ৮.৭ বিলিয়ন ডলাৰ। কিন্তু ইয়াৰ বিপৰীতে ইণ্ডোনেছিয়াই ৮.১ বিলিয়ন ডলাৰত ক্ৰয় কৰিছে ৪২ খন ৰাফেল। ইয়াৰ পিছতেই এতিয়া পুনৰ প্ৰশ্ন উত্থাপতি হৈছে, ৰাফেল ক্ৰয়ত সংঘটিত হৈছিল নেকি জালিয়াতি?
উল্লেখ্য যে, ২০১৬ চনত প্ৰধানমন্ত্ৰী মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ফ্ৰেঙ্কোইছ অলাণ্ডৰ মাজত ৰাফেল ক্ৰয়ৰ চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ অধিনতে ভাৰতে লাভ কৰিছে ফ্ৰান্সৰ পৰা ৰাফেল। বৰ্তমানলৈকে ভাৰতলৈ আহিল ২৬ খন ৰাফেল।
ইফালে ইণ্ডোনেছিয়াই চুক্তি অনুসৰি প্ৰথম পৰ্যায়ত ৬ খন ৰাফেল লাভ কৰিব ফ্ৰান্সৰ পৰা। ইয়াৰ পৰৱৰ্তি সময়ত ৰাষ্ট্ৰখনে লাভ কৰিব আন ৩৬ খন ৰাফেল। ইণ্ডোনেছিয়াই কম মূল্যত ৰাফেল ক্ৰয় কৰাৰ লগে লগে দীৰ্ঘদিন ধৰি ৰাফেল ক্ৰয়ৰ নামত যি দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছিল সেই অভিযোগক পুনৰ প্ৰাসংগিক কৰি তুলিছে।