তুৰস্কৰ ধ্বংসস্তুপৰ পৰা ৮ বছৰীয়া শিশুক জীৱন্তে উদ্ধাৰ ভাৰতীয় দলৰ...

ধ্বংসস্তূপত পৰিণত তুৰস্কক ২৪ ঘন্টাৰ ভিতৰতে সহায় প্ৰদান কৰে ভাৰতে। ইতিমধ্যে ভাৰতৰ পৰা যোৱা উদ্ধাৰকাৰী দলে তুৰস্কত চলাই আছে উদ্ধাৰ অভিযান।

author-image
Asomiya Pratidin
New Update
এটাৰ পাছত আনটো ভূমিকম্পই কপাই গৈছে তুৰস্ক

ডিজিটেল ডেস্ক: ধ্বংসস্তূপত পৰিণত তুৰস্কক ২৪ ঘন্টাৰ ভিতৰতে সহায় প্ৰদান কৰে ভাৰতে। ইতিমধ্যে ভাৰতৰ পৰা যোৱা উদ্ধাৰকাৰী দলে তুৰস্কত চলাই আছে উদ্ধাৰ অভিযান।

Advertisment

শুকুৰবাৰে এনডিআৰএফ কৰ্মীয়ে ভূমিকম্প বিধ্বস্ত তুৰস্কত খহি পৰা এটা অট্টালিকাৰ মাজৰ পৰা এগৰাকী ৮ বছৰীয়া শিশুক জীৱন্ত উদ্ধাৰ কৰে। তুৰস্কৰ সেনা জোৱান সকলৰ সৈতে গাজিয়ান্তেপ প্ৰদেশৰ নুৰদাগী চহৰত এই অভিযান চলোৱা হৈছিল।

উক্ত স্থানৰ পৰাই ভাৰতৰ দলটোৱে বৃহস্পতিবাৰে আন এটি ৬ বছৰীয়া শিশুক উদ্ধাৰ কৰিছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ভাৰতৰ পৰা যোৱা উদ্ধাৰকাৰী সকলে এতিয়ালৈকে ধ্বংসাৱশেষৰ পৰা ২ জনক জীৱন্তে আৰু ১৩ টা মৃতদেহ উদ্ধাৰ কৰিছে। ৭ ফেব্ৰুৱাৰীৰ পৰা এওলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

সোমবাৰে তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ পাছতেই দুয়োখন দেশৰ সহায়ৰ বাবে 'অপৰেশ্যন ডোষ্ট' আৰম্ভ কৰিছে।এই ভূমিকম্পত দুয়োখন দেশৰ প্ৰায় ২২,০০০ লোকৰ মৃত্যু হৈছে।

১৫২ জন কৰ্মচাৰী লৈ ৩ জনীয়া এটা দলে তুৰস্কত চলাই আছে উদ্ধাৰ অভিযান।

আৰু পঢ়ক: দেশত ১০,০০০তকৈ অধিক শিশু ৰাজপথত বাস কৰেঃ কেন্দ্ৰ

turkey india earthquake