''নিজৰ দেশতেই যি কাম আছে কৰিম, ঘূৰি নাযাঁও আৰু'' চুদানত কথমপি প্ৰাণ ৰক্ষা ভাৰতীয়ৰ

গৃহযুদ্ধৰে জৰ্জৰিত হৈ আছে চুদান। দেশ খনত আৱদ্ধ হৈ থকা প্ৰায় ৩০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইতিমধ্যে ভাৰতে আৰম্ভ কৰিছে 'অপাৰেশ্যন কাবেৰী'।

author-image
Asomiya Pratidin
New Update
''নিজৰ দেশতেই যি কাম আছে কৰিম, ঘূৰি নাযাঁও আৰু'' চুদানত কথমপি প্ৰাণ ৰক্ষা ভাৰতীয়ৰ

ডিজিটেল ডেস্কঃ গৃহযুদ্ধৰে জৰ্জৰিত হৈ আছে চুদান। দেশ খনত আৱদ্ধ হৈ থকা প্ৰায় ৩০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইতিমধ্যে ভাৰতে আৰম্ভ কৰিছে 'অপাৰেশ্যন কাবেৰী'। চুদানৰ পৰা আহি দিল্লী বিমানবন্দৰত উপস্থিত হৈছে একাংশ ভাৰতীয়।

Advertisment

ইয়াৰ মাজৰে হাৰিয়ানাৰ সুখবিন্দৰ সিঙে কয় যে, চুদানত এনে অনুভৱ হৈছিল যেন আমি মৃত্যুশয্যাত আছোঁ। তেওঁ কয় যে, তেওঁৰ ভয় এতিয়াও আঁতৰ হোৱা নাই। এটা কোঠাত আৱদ্ধ হৈ আছিল তেওঁলোক।

আনহাতে চুদানত কৰ্মৰত হৈ থকা উত্তৰ প্ৰদেশৰ এজন যুৱকে কয় যে মৃত্যুৰ পৰা ঘূৰি আহিছো। মই কেতিয়াও চুদানলৈ ঘূৰি নাযাম। মোৰ দেশত যিকোনো কামেই কৰিম, কিন্তু ঘূৰি নাযাও।

উল্লেখ্য যে, চুদানত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত হোৱা সংঘৰ্ষত ৪০০তকৈ অধিক লোক মৃত্যু হৈছে। এজন ভাৰতীয়ৰো মৃত্যু হৈছে এই সংঘৰ্ষৰ মাজত। ইতিমধ্যে একাংশ ভাৰতীয়ক উলিয়াই অনা হৈছে যদিও একাংশ এতিয়াও আৱদ্ধ হৈ আছে।

Also Read: যুৱতীক হত্যা কৰাৰ দীপকক আৰক্ষীৰ এনকাউন্টাৰ, বাসগৃহত চলিল বুলড'জাৰ

sudan operation kaveri