জামাইকাত উপস্থিত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ…

জামাইকাত উপস্থিত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ…

author-image
asomiyapratidin
New Update
জামাইকাত উপস্থিত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ…

ডিজিটেল ডেস্কঃ দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু তেওঁৰ পত্নী সবিতা কোবিন্দ ৪ দিনীয়া ভ্ৰমণ সূচীৰে জামাইকাত উপস্থিত হৈছে। ইয়াৰ লগে লগে জামাইকা ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ'ল ৰামনাথ কোবিন্দ। জামাইকাৰ বিমানবন্দৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক বিপুল আদৰণি জনোৱা হৈছে। জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰিউ হলনেছ, প্ৰতিৰক্ষা কৰ্মচাৰীৰ প্ৰধান ৰিয়াৰ এডমিৰেল এণ্টিনেট ভেমিছ-গৰ্মান, জামাইকাৰ ভাৰতৰ উচ্চায়ুক্ত আৰ. মাচাকুই আৰু তেওঁৰ পত্নী বিমানবন্দৰত উপস্থিত হৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু তেওঁৰ পত্নী সবিতা কোবিন্দক আদৰণি জনায়।

Advertisment

ক্লিক কৰি পঢ়কঃ 'আলফালৈ কাপুৰুষ সকলহে গৈছে'- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা