‘আলফালৈ কাপুৰুষ সকলহে গৈছে’- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

‘আলফালৈ কাপুৰুষ সকলহে গৈছে’- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্কঃ "আলফালৈ এতিয়া কিছু যুৱক-যুৱতী গৈ আছে। তেওঁলোক আচলতে কাপুৰুষ। পৰিয়াল চলাব নোৱাৰি অলফালৈ যায় তেওঁলোকে।"- নিষিদ্ধ ঘোষিত সংগঠন আলফালৈ যোৱা ৰাজ্যৰ যুৱক-যুৱতীক উদ্দেশ্য কৰি এইদৰেই তীৰ্যক মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে দেশৰ ৰাজধানী দিল্লীত এই তীৰ্যক মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই প্ৰসংগত কয় যে, আলফালৈ বহু যুৱক গৈছে যদিও উভতিও আহিছে। আগতে আলফালৈ যোৱা আৰু এতিয়া আলফালৈ যোৱাক মাজত প্ৰাৰ্থক্য আছে। ৰাজ্যত শেহতীয়াকৈ আলফাত যোগদানৰ ঢল বৈছে।

উজনিৰ পৰা নামনিলৈ বহু যুৱক-যুৱতীয়েই আলফাত যোগদান কৰিছে। আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনাৰ এক কথা-বতৰা অনানুষ্ঠানিক ভাৱে চলি থকাৰ লগতে আলফাই এক পক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰি থোৱাৰ মাজতে এইদৰে বহু যুৱক-যুৱতী আলফালৈ বাট লোৱা বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে। তাৰ মাজতেই মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এই মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in