অস্থায়ীভাৱে পোলেণ্ডলৈ স্থানান্তৰিত ইউক্ৰেইত থকা ভাৰতীয় দূতাবাস…

অস্থায়ীভাৱে পোলেণ্ডলৈ স্থানান্তৰিত ইউক্ৰেইত থকা ভাৰতীয় দূতাবাস…

ডিজিটেল ডেস্ক: অব্যাহত আছে ইউক্ৰেইন-ৰাছিয়াৰ মাজত যুদ্ধ। ইয়াৰ মাজতে ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাস অস্থায়ী ৰূপত পোলেণ্ডলৈ স্থানান্তৰ কৰা হয়।ভাৰতে কয় যে দেশখনত সুৰক্ষাৰ ওপৰত অহা সংকটৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ভাৰতৰ তৰফৰ পৰা কোৱা হয় যে "ইউক্ৰেইনত দ্ৰুতগতিত অৱনতি হোৱা নিৰাপত্তা পৰিস্থিতি, দেশখনৰ পশ্চিম অংশত হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত  ইউক্ৰেইনৰ ভাৰতীয় দূতাবাস অস্থায়ীভাৱে পোলেণ্ডলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতৰ নিৰাপত্তা আৰু ইউক্ৰেইনত চলি থকা সংঘাতৰ পৰ্যালোচনা কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰে এক বিবৃতিত কয় যে প্ৰধানমন্ত্ৰী মোডীক ইউক্ৰেইনৰ শেহতীয়া ঘটনা সমূহৰ বিষয়ে অৱগত কৰা হয়।

উল্লেখ্য যে, ৰাছিয়াই অহৰহ আক্ৰমণ চলাই গৈছে ইউক্ৰেইনৰ ওপৰত । এই সময়চোৱাত দুয়োখন দেশৰ মাজত বহু আলোচনা হয় যদিও এই পৰ্যন্ত কোনোধৰণৰ সমাধান নোলাল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in