কমনৱেলথত পদক লাভৰ পৰা বঞ্চিত হিমা, মহিলা ক্ৰিকেটত ভাৰতে লাভ কৰিলে ৰূপ…

কমনৱেলথত পদক লাভৰ পৰা বঞ্চিত হিমা, মহিলা ক্ৰিকেটত ভাৰতে লাভ কৰিলে ৰূপ…

author-image
asomiyapratidin
New Update
কমনৱেলথত পদক লাভৰ পৰা বঞ্চিত হিমা, মহিলা ক্ৰিকেটত ভাৰতে লাভ কৰিলে ৰূপ…

ডিজিটেল ডেস্ক : কমনৱেলথ গেমছত পদক লাভৰ পৰা বঞ্চিত হিমা দাস। ৪X১০০ মিটাৰ দৌৰত ৫ম স্থানতে থমকিব লগা হল ভাৰতীয় মহিলাৰ দলটো। দলটোত আছিল অসম কন্যা হিমা দাস। ২০০ মিটাৰ দৌৰতো ০.০১ ছেকেণ্ডৰ ব্যৱধানত থমকিব লগা হৈছিল হিমা।

Advertisment

আনহাতে, হমনপ্ৰীত কৌৰৰ অধিনায়কত্ত্বৰে ভাৰতে প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছৰ ফাইনেলত প্ৰৱেশ কৰিছিল। অষ্ট্ৰেলিয়াৰ সৈতে দেওবাৰে ফাইনেল খেলত অৱতীৰ্ণ হৈ ৯ ৰাণত পৰাস্ত হবলগীয়া হল ভাৰত। ভাৰতৰ মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত লাভ কৰিলে ৰূপৰ পদক।

উল্লেখ্য যে ভাৰতে ৭ আগষ্টৰ দিনটোত ৫টা সোণ, ৪ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৫ টা পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, দেওবাৰে দুৰ্দান্ত প্ৰদৰ্শনেৰে নিখট জৰীনে ৫-০ ব্যৱধানত আয়াৰলেণ্ডৰ কাৰ্লী এমছি নৌলক হৰুৱাই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

আৰু পঢ়ক : কমনৱেলথ গেমছৰ আজি অন্তিম দিন, মুঠ ৫৫টা পদকেৰে ৫ম স্থানত ভাৰত…

hima das commonwealth games 2022 cricket india