LIVE UPDATE- INDIA VS PAKISTAN: যুঁজ কৰিও পৰাস্ত হ’ল ভাৰত…

LIVE UPDATE- INDIA VS PAKISTAN: যুঁজ কৰিও পৰাস্ত হ’ল ভাৰত…

সময় ১১-২৪ বজাত- বিজয় লক্ষত উপনীত পাকিস্তান। ৫ উইকেট হেৰুৱাই ১৯ অভাৰ ৫ বলত সংগ্ৰহ কৰিলে ১৮২ ৰাণ।

সময় ১১-২০ বজাত- পাকিস্তানে হেৰুৱালে পঞ্চমটো উইকেট। আৰ্শ্বদীপ সিঙে ল'লে আছিফ আলীৰ উইকেট। পাকিস্তানক জয়ৰ বাবে লাগে ২ টা বলত ২ ৰাণ।

সময় ১০-৫৫ বজাত- ভাৰতী বলিং আক্ৰমণক বিপদত পেলোৱা মহম্মদ ৰিজৱান আউট। পাণ্ডিয়াৰ বলত আউট হ'ল ৰিজৱান। ৫১ বলত ৭১ ৰাণ কৰিলে ৰিজৱানে। পাকিস্তানৰ বৰ্তমানৰ স্ক'ৰ ১৬ অভাৰ ৫ টা বলত ৪ উইকেটত ১৪৭।

সময় ১০-৪৫ বজাত- সূচনীয় ভাৰতৰ অৱস্থা। তাৰ মাজতে ভূৱনেশ্বৰ কুমাৰৰ পাকিস্তানৰ তৃতীয়টো উইকেট দখল। ২০ বলত ৪২ ৰাণ কৰি থকাৰ অৱস্থাত মহম্মদ নাৱাজৰ উিকেট পতন।

সময় ১০-০৯ বজাত- ভাৰতীয় দলৰ দ্বিতীয়টো সফলতা। য়ুজবেন্দ্ৰ চাহালৰ বলত আউট হ'ল ফখৰ জামান। ১৮ বলত ১৫ ৰাণ কৰি পেভিলিয়নলৈ উভতিল জামান। পাকিস্তানৰ স্ক'ৰ ৮.৫ অভাৰত ২ উইকেট হেৰুৱাই ৬৩।

সময়৯-৪৩ বজাত- ভাৰতৰ প্ৰথমটো সফলতা। ৰবি বিষ্ণয়ে লাভ কৰিলে প্ৰথমটো উইকেট। ১৪ ৰাণত আউট হ'ল বাবৰ আজম। ৩ ভাৰ ৪ টা বলত ১ টা উইকেট হেৰুৱাই পাকিস্তানৰ সংগ্ৰহ ২২ ৰাণ।

সময়৯-১৫ বজাত- ২০ অভাৰ সম্পূৰ্ণ। ৭ উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰিলে ১৮১ ৰাণ। পাকিস্তানৰ সন্মুখত ২০ অভাৰত ১৮২ ৰাণৰ লক্ষ্য।

সময় ৯-১৩ বজাতঃ ৪০ বলত ৬০ ৰাণ কৰি ৰাণ আউট হ'ল বিৰাট কোহলি। ভাৰতীয় দলৰ স্ক'ৰ ১০৯ অভাৰ ৪ টা বলত ১৭৩।

সময় ৯-০৯ বজাত- ১৯ অভাৰ সম্পূৰ্ণ। ৬ উইকেটত ভাৰতৰ স্ক'ৰ ১৭২। বিৰাটৰ বেটৰ পৰা এই পৰ্যন্ত আহিছে ৫৯ ৰাণ।

সময় ৯-০৪ বজাত- ১৮ অভাৰ সম্পূৰ্ণ। ১৮ অভাৰৰ অন্তিম বলত ৬ কোবাই বিৰাটে সম্পূৰ্ণ কৰিলে দ্বিতীয়টো অৰ্ধশতক। কোহলিৰ ৩৬ বলত ৫৩ ৰাণৰ সহায়ত ভাৰতৰ বৰ্তমানলৈকে স্ক'ৰ ১৬৫।

সময় ৮-৫৩ বজাত- ১৬ অভাৰত ভাৰতৰ স্ক'ৰ ১৪০। বিৰাট কোহলিয়ে ৩১ বলত সৰ্বাধিক ৪৪ ৰাণ কৰি আছে।

সময় ৮-৪৫ বজাত- শূন্যত আউট হাৰ্দিক পাণ্ডিয়া। বিপদত ভাৰত। ১৪ অভাৰ ৪ টা বলত ৫ উইকেটৰ বিনিময়ত ১৩১ ৰাণ সংগ্ৰহ।

সময় ৮-৪০ বজাত – ১২ বলত ১৪ ৰাণ কৰি পেভিলিয়নলৈ ৰাওনা হ'ল ঋষভ পণ্ট। ১৩ অভাৰ ৫ টা বলত ভাৰতৰ স্ক'ৰ ১২৬ ৰাণ। বিৰাট কোহলিয়ে ২৫ বলত ৩৫ ৰাণ সংগ্ৰহ কৰিছে। ক্ৰিজলৈ আহিছে পাণ্ডিয়া।

সময় ৮-১৭ – ৯ বলত ১৩ ৰাণ কৰি আউট হ'ল সূৰ্য কুমাৰ যাদৱ। ৯ অভাৰ ৪ টা বলত ৩ উইকেট হেৰুৱাই ভাৰতৰ স্ক'ৰ ৯১ ৰাণ।

সময় ৮-০৪- ১৯ বলত ২৮ ৰাণ কৰি পেভিলিয়নলৈ উভতিল কে এল ৰাহুল। শ্বাহবাদ খানৰ বলত আউট হ'ল ৰাহুল।

সময় ৭-৫৭- বিৰাট কোহলিৰ ক্ৰিজলৈ আগমণ।

সময় ৭-৫৬- ৬ অভাৰৰ প্ৰথমটো বলত ৰোহিত শৰ্মা আউট।

সময় ৭-৫৫- ৫ টা অভাৰ সমাপ্ত। ১৫ বলত কে এল ৰাহুলৰ ২৬ আৰু ৰোহিত শৰ্মাৰ ২৮ ৰাণত সৈতে ৫৪ ৰাণ সংগ্ৰহ।

সময় ৭-৪৫- ৩ অভাৰত ভাৰতৰ ৩৪ ৰাণ সংগ্ৰহ। কে এল ৰাহুলে ৯টা বলত ১৮ আৰু ৰোহিত শৰ্মাই ৯ টা বলত ১৬ ৰাণ কৰিবলৈ সক্ষম হৈছে।

সময় ৭-৩১- কে এল ৰাহুল আৰু ৰোহিত শৰ্মাৰ ইনিংছ মুকলি

সময় ৭-২৫ বজাত- খেল পথাৰত দুয়োদলৰ খেলুৱৈ আৰু আম্পায়াৰৰ উপস্থিতিত পাকিস্তান আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন।

সময় ৭-২১ বজাত- টছত পাকিস্তানৰ জয়লাভ। ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in