পাকিস্তানৰ অৰ্থনীতিৰ ওপৰত ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইক!

পাকিস্তানৰ অৰ্থনীতিৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব ভাৰতে! ভাৰতৰ সৈতে সংঘাতৰ মাজতে ভাৰতৰ বিৰোধিতাৰ পিছতো আই এম এফে পাকিস্তানক ২ বিলিয়ন ডলাৰৰ অনুমোদন জনাইছিল। 

author-image
Tushar Pratim
New Update
পাকিস্তানৰ অৰ্থনীতিৰ ওপৰত ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইক!

ডিজিটেল ডেস্কঃ পাকিস্তানৰ অৰ্থনীতিৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব ভাৰতে! ভাৰতৰ সৈতে সংঘাতৰ মাজতে ভাৰতৰ বিৰোধিতাৰ পিছতো আই এম এফে পাকিস্তানক ২ বিলিয়ন ডলাৰৰ অনুমোদন জনাইছিল। 

Advertisment

শেহতীয়াকৈ পাকিস্তানে বিশ্ব বেংকৰ পৰা অহা জুন মাহত ২০ বিলিয়ন ডলাৰৰ ঋণ লোৱাৰ কথা। পাকিস্তানৰ এই ঋণ আবেদনৰ পিছতে ভাৰতে আৰম্ভ কৰিছে তৎপৰতা। বিশ্ব বেংক আৰু এফ টি এফৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ভাৰতে। 

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি পাকিস্তানৰ এই ঋণ আবেদন  পুনৰ বিবেচনাৰ বাবে ভাৰতে আহ্বান জনাব। তাৰোপৰি ভাৰতে পাকিস্তানক পুনৰ এফ এ টি এফৰ  তালিকাত স্থান দিবলৈও অনুৰোধ কৰিব।

উল্লেখ্য যে, চাৰি বছৰতকৈয়ো অধিক সময় পাকিস্তান সন্ত্ৰাসবাদলৈ পুঁজি যোগান ধৰা সংক্ৰান্তিয় বিষয় চোৱাচিতাকাৰী ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চৰ তালিকাত আছিল। ২০২২ চনত এই তালিকাৰ পৰা দেশখনৰ আঁতৰাই দিয়া হৈছিল। 

অৱশ্যে ভাৰতে তেতিয়াও ইয়াৰ বিৰোধিতা কৰিছিল। পাকিস্তান সন্দৰ্ভত ভাৰতে স্পষ্টকৈ কৈছিল, পাকিস্তানে সন্ত্ৰাসবাদৰ সপক্ষে সদায়েই থিয় দিব। ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ পিছতে পুনৰ পাকিস্তানে সন্ত্ৰাসবাদীলৈ ধন যোগান ধৰা আৰু সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন হৈছে। 

এই বিষয়টো মনত ৰাখি ভাৰতে পুনৰ চুবুৰীয়া দেশখনক এফ এ টি এফৰ তালিকাভুক্ত কৰিবলৈ অনুৰোধ কৰিব। তেনে ক্ষেত্ৰত পাকিস্তানৰ সকলো বিত্তীয় লেনদেনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা সম্ভৱ হৈ উঠিব। তেনে কৰিলে সন্ত্ৰাসবাদক বিত্তীয় সাহায্য প্ৰদানৰ প্ৰচেষ্টা বিফল হ’ব বুলি ধাৰণা কৰা হৈছে। 

স্মৰ্তব্য, পাকিস্তানৰ অৰ্থনীতি ইতিমধ্যে বিধ্বস্ত হৈছে। কেৱল ঋণ আৰু সাহায্যৰ ওপৰতে ভৰসা কৰি দেশখন চলি আছে। যদিহে বিশ্ব বেংকৰ পৰা দেশখনে ঋণ লাভ নকৰে তেন্তে  শ্বেহবাদ শ্বৰিফৰ চৰকাৰ যে বিপদত পৰিব সেয়া নিশ্চিত। 

 

বিশ্ববেংক পাকিস্তান