/asomiyapratidin/media/media_files/2025/01/28/kgbA8Ugb8zFxgJ3dfVpL.jpg)
ডিজিটেল ডেস্কঃ শ্ৰীলংকাৰ নৌসেনাৰ নিৰ্বিচাৰ গুলী চালনাত গুৰুতৰভাৱে আহত হৈছে ভাৰতৰ ৫ জনকৈ মাছমৰীয়া। এই ঘটনাৰ পাছতে ইয়াৰ প্ৰতিবাদ জনাইছে ভাৰত চৰকাৰে।
আজি এই ঘটনাৰ সন্দৰ্ভত বৈদেশিক মন্ত্ৰণালয়ে তলব কৰিছে কলম্বোৰ ৰাষ্ট্ৰদূতক। মঙ্গলবাৰে পুৱা ডেলফ্ দ্বীপৰ কাষত আন্তৰ্জাতিক জলসীমা ৰেখা অতিক্ৰম কৰাৰ অভিযোগত ১৩ জন ভাৰতীয় মাছমৰীয়াক আটক কৰে শ্ৰীলংকাৰ নৌ সেনাই। সেই সময়ত শ্ৰীলংকাৰ নৌসেনাই নিৰ্বিচাৰে চলোৱা গুলীত গুৰুতৰভাৱে আহত হৈছে ৫ জনকৈ মাছমৰীয়া।
বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি ১৩ জন মাছমৰীয়াৰ ভিতৰত ৩ জন কিছু পৰিমাণে আহত হৈছে। তেওঁলোকৰ প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। গুৰুতৰভাৱে আহত হৈছে আন দুজন মাছমৰীয়া। তেওঁলোকক জাফনা টিচিং হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
বিদেশ মন্ত্ৰণালয়ৰ বিবৃতিত আৰু কোৱা হৈছে যে, জাফনাৰ হাস্পতালত চিকিৎসাধীন মাছমৰীয়াসকলক চোৱাচিতা কৰি ভাৰতীয় দূতাবাসৰ প্ৰতিনিধিয়ে। এই ঘটনাত ক্ষোভিত হৈ পৰিছে নতুন দিল্লী। সেয়ে কলম্বোৰ ৰাষ্ট্ৰদূতক তলব কৰি ঘটনাৰ ব্যাখ্যা বিচাৰিছে।
উল্লেখ্য যে, এনে ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও অনুৰূপ ধৰণে শ্ৰীলংকাৰ নৌসেনাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল ভাৰতীয় মাছমৰীয়া। যোৱা বছৰ কচ্চতিভু দ্বীপৰ কাষত শ্ৰীলংকাৰ নৌবাহিনীৰ জাহাজে ভাৰতীয় মাছমৰীয়াৰ এখন নাৱক লক্ষ্য কৰি গুলী চলাইছিল। সেই ঘটনাত দুজন মাছমৰীয়া নিহত হৈছিল।
ইফালে এই ঘটনাই আকৌ ভাৰত-শ্ৰীলংকাৰ দ্বিপাক্ষীক সম্পৰ্ক তথা চুবুৰীয়া দেশৰসমূহৰ সৈতে থকা সম্পৰ্কৰ দিশটোকো চৰ্চাৰ মাজলৈ আনিছে। শেহতীয়াকৈ ভাৰতৰ চুবুৰীয়াৰ সৈতে সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছে।
ভাৰতৰ চৌপাশে থকা দেশসমূহত বৃদ্ধি পাইছে ভাৰত বিৰোধী মানসিকতা। পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক নতুনকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। বাংলাদেশৰ সৈতে সি-সম্পৰ্ক আছিল যদিও শ্বেইখ হাছিনাৰ চৰকাৰৰ পতনৰ পাছৰে পৰা দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক বিঘ্নিত হ’ল। দেশখনত এতিয়া ভাৰত বিৰোধী শক্তিৰ উত্থান ঘটিছে।
একেদৰে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকায়েও ভাৰতৰে থকা সু-সম্পৰ্কৰ অৱনতি ঘটিছে। এই দেশখনৰ যোৱা ছ্প্টেম্বৰ মাহত হৈ যোৱা সাধাৰণ নিৰ্বাচনত নেচনেল পিপলছ পাওৱাৰ বাওঁপন্থী জোঁটৰ নেতা অনুৰাকুমাৰ দিশানায়ক জয়ী হৈ ৰাষ্ট্ৰপতি হৈছে। শ্ৰীলংকাত তেওঁক ভাৰতবিৰোধী আৰু চীনপন্থী নেতা হিচাপেই পৰিচিত। এনে পৰিস্থিতিত এই ঘটনাই দুয়োখন দেশৰ দ্বিপাক্ষীক সম্পৰ্কক অধিক অৱনতি ঘটোৱাৰো অৱকাশ আছে বুলি বিশ্বাস কৰিছে বিশেষজ্ঞ মহলে।