ভূমিকম্পত দিশহাৰা ম্যানমাৰ, থাইলেণ্ডঃ প্ৰধানমন্ত্ৰী মোডীৰ সহায়ৰ আশ্বাস...

চকুৰ সন্মুখতে খহি পৰিছে বহু মহলীয়া অট্টালিকা। মুহূৰ্ততে ধূলিৰ সৈতে মিহলি হৈ পৰিছে সকলো। ভাঙি পৰিছে দলং, ফাট মেলি ৰাজপথ। ম্যানমাৰ আৰু থাইলেণ্ডত অবৰ্ণনীয় অৱস্থা।

author-image
Asomiya Pratidin
New Update
ভূমিকম্পত দিশহাৰা ম্যানমাৰ, থাইলেণ্ডঃ প্ৰধানমন্ত্ৰী মোডীৰ সহায়ৰ আশ্বাস...

ডিজিটেল ডেস্কঃ চকুৰ সন্মুখতে খহি পৰিছে বহু মহলীয়া অট্টালিকা। মুহূৰ্ততে ধূলিৰ সৈতে মিহলি হৈ পৰিছে সকলো। ভাঙি পৰিছে দলং, ফাট মেলি ৰাজপথ। মাত্ৰ ৭ মিনিটৰ ব্যৱধানত অহা দুটাকৈ ভূমিকম্পৰ ফলত ম্যানমাৰ কাৰ্যতঃ ধ্বংসাৱশেষলৈ পৰিণত হৈছে।

Advertisment

ম্যানমাৰৰ চুবুৰীয়া দেশ থাইলেণ্ডৰো একেই অৱস্থা। ভূমিকম্পৰ ফলত থাইলেণ্ডৰ ৰাজধানী বেংককতো ব্যাপক ক্ষতিসাধন হৈছে। বেংককতো এটাৰ পিছত এটাকৈ অট্টালিকা ভাঙি পৰিছে। নিৰুদ্দেশ হৈ আছে অতি কমেও ৪৫ জন লোক।

দুয়োখন দেশত সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তাৰোপৰি দেশ দুখনক ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় সম্ভৱপৰ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে।

উল্লেখ্য যে, স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই ভূমিকম্প। ৭.৭ প্ৰাবল্যৰ এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ম্যানমাৰৰ মাণ্ডেলেৰ ভূপৃষ্ঠৰ পৰা প্ৰায় ১০ কিলোমিটাৰ তলত।

 

এই ভূমিকম্পই ম্যানমাৰৰ লগতে, থাইলেণ্ড আৰু ভিয়েটনামতো যথেষ্ট প্ৰভাৱ পেলাইছে। থাইলেণ্ডৰ বেংককত প্ৰায় ১ কোটি ৭০ লাখ লোকে বাস কৰে। এই অঞ্চল বৃহৎ বৃহৎ অট্টালিকাৰে পৰিপূৰ্ণ। ইয়াৰে কেইবাটাও অট্টালিকা নিমিষতে ভাঙি পৰিছে।

 

এই প্ৰাকৃতিক দুৰ্যোগত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। এই পৰ্যন্ত হতাহতিৰ প্ৰকৃত সংখ্যা প্ৰকাশ পোৱা নাই।থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী ফাথানা শ্বিনাৱাত্ৰাই জৰুৰী বৈঠকৰ আহ্বান জনাইছে।  

 

অৱশ্যে বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি কমেও বেংককত ৪৫ জন লোক সন্ধানহীন হৈ আছে। তদুপৰি বহু লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। এনে দুৰ্যোগৰ মাজতো আশাৰ খবৰ এয়ে যে, বহুতে আশংকা কৰাৰ দৰে ছুনামীৰ কোনো সম্ভাৱনা নাই বুলি বিশেষজ্ঞসকলে দাবী কৰিছেম্যানমাৰৰ ভূমিকম্পই ভাৰততো প্ৰভাৱ পেলাইছে। কলকাতাকে ধৰি বংগৰ কেইবাখনো জিলাৰ লগতে উত্তৰ-পূব ভাৰততো এই ভূমিকম্প অনুভূত হয়। দুৰ্যোগৰ পিছত উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক বাৰ্তা প্ৰেৰণ কৰিছে।

 

এক্স হেণ্ডেলত তেওঁ লিখিছে, ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পৰ পিছৰ পৰিস্থিতিৰ প্ৰতি চিন্তিত হৈ পৰিছে। তেওঁ সকলোৰে সুৰক্ষা আৰু মংগলৰ বাবে প্ৰাৰ্থনাও জনাইছে।

 

ভাৰতে দুয়োখন দেশলৈ সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু। সকলো সংশ্লিষ্ট বিভাগক সহায়ৰ বাবে সাজু হবলৈ কোৱা হৈছে। ইয়াৰ উপৰিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক ম্যানমাৰ আৰু থাইলেণ্ড চৰকাৰৰ সৈতে যোগাযোগ বজাই ৰাখিবলৈ কোৱা হৈছে।

এই ভয়ংকৰ ভূমিকম্পৰ কেইবাটাও ভিডিঅভাইৰেল হৈছে ছচিয়েল মিডিয়াত। য'ত দেখা গৈছে ম্যানমাৰৰ এখন দলং নদীৰ ওপৰতে ভাঙি পৰিছে। বেংককত নিৰ্মাণৰত বহুমহলীয়া অট্টালিকা ভাঙি পৰিছে। জীৱন ৰক্ষাৰ বাবে তাত কৰ্মৰত শ্ৰমিকসকলে কেৱল দৌৰিছে।এটাৰ পিছত এটাকৈ অট্টালিকা অস্বাভাৱিকভাৱে বেঁকা হৈ পৰিছে।

 

ভূমিকম্প থাইলেণ্ড ম্যানমাৰ