ভাৰত-পাক সংঘাতক লৈ চিন্তিত চীনঃ শান্তি স্থাপনৰ বাবে আগ্ৰহ বেইজিঙৰ...

সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক উচিত শিক্ষা দিয়াৰ উদ্দেশ্যৰে ভাৰতে পাকিস্তানত চলোৱা প্ৰত্যাঘাতে দেশখনৰ কঁকাল বেঁকা কৰি দিছে। তাৰ মাজতো LOC ত গুলীচালনা অব্যাহত ৰাখিছে। 

author-image
Tushar Pratim
New Update
ভাৰত-পাক সংঘাতক লৈ  চিন্তিত চীনঃ শান্তি স্থাপনৰ বাবে আগ্ৰহ বেইজিঙৰ...

ডিজিটেল ডেস্কঃ ইউৰোপ, মধ্যপ্ৰাচ্যৰ পাছত অশান্ত দক্ষিণ এছিয়াও। কোভিড মহামাৰীৰ পাছৰ পৰিস্থিতিত বিশ্বই যোৱা প্ৰায় দুটা বছৰত কেইবাখনো যুদ্ধৰ সাক্ষী হৈছে। তাৰ পাছত এতিয়া পুনৰ দক্ষিণ এছিয়াত ভাৰত আৰু পাকিস্তানৰ মাজত সাম্ভাব্য যুদ্ধক লৈ চিন্তিত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় সমাজ। 

Advertisment

সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক উচিত শিক্ষা দিয়াৰ উদ্দেশ্যৰে ভাৰতে পাকিস্তানত চলোৱা প্ৰত্যাঘাতে দেশখনৰ কঁকাল বেঁকা কৰি দিছে। তাৰ মাজতো শিক্ষা নোলোৱা পাকিস্তানে সীমান্তৰ এল অ’ চিত গুলীচালনা অব্যাহত ৰাখিছে। 

ভাৰত-পাকিস্তানৰ মাজৰ এনে পৰিস্থিতিত এতিয়া চিন্তিত হৈ পৰিছে দুয়োখন দেশৰ চুবুৰীয়া চীন। ৰঙা চীনে ভাৰত-পাকিস্তানৰ উত্তেজনা হ্ৰাস কৰিবলৈ প্ৰথমে দুয়োখন দেশক আহ্বান জনোৱাৰ পাছতো এতিয়া পুনৰ যুদ্ধ পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰিছে।

সন্ত্ৰাসবাদক গৰিহণা দি চীনে ৰাষ্ট্ৰসংঘৰ চনদ মানি চলাৰো বাৰ্তা প্ৰেৰণ কৰিছে। আনকি চীনে ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত মধ্যস্থতাৰ ভূমিকা ল’বলৈয়ো সাজু হৈছে।   

উল্লেখ্য যে, বৃহস্পতিবাৰে ভাৰতে পাকিস্তানৰ কেইবাখনো চহৰত আক্ৰমণ কৰি উচিত শিক্ষা দিলে। পাকিস্তানৰ কমেও ১৬ খন চহৰত একেলগে আক্ৰমণ কৰি ভাৰতে শক্তি আৰু সামৰ্থৰ দেখুৱাই দিয়াৰ পিছতো আন্তঃৰাষ্ট্ৰীয় একাংশ দেশৰ সহযোগিতা লাভেৰে ভাৰতৰ বিৰুদ্ধে ৰণ জিনাৰ আশাত বন্দী হৈ আছে পাকিস্তান।  

ভাৰতৰ বাৰে বাৰে প্ৰৰোচিত কৰি থকা পাকিস্তানে শুকুৰবাৰে পুৱাৰে পৰা উপৰ্যুপৰি এল অ’ চিত গুলী বৰ্ষণ অব্যাহত ৰাখিছে। পাকিস্তানীৰ গুলীত নিহত হৈছে সাধাৰণ নাগৰিকো। ছহিদ হৈছে সেনা জোৱানো। 


ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই বৃহস্পতিবাৰে পাকিস্তানৰ আক্ৰমণ বিফল কৰি নিয়ন্ত্ৰণ ৰেখাত অতি কমেও ৫০খন পাকিস্তানী ড্ৰোণ ধ্বংস কৰিছে। এই খবৰ আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱাৰ পাছতে চীনে পুনৰ দুয়োখন দেশলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে। ভাৰত-পাকিস্তানৰ উত্তেজনাক লৈ চিন্তিত হৈ থকা বেইজিং কয়, "ভাৰত আৰু পাকিস্তান দুয়োখন দেশ চীনৰ চুবুৰীয়া। আমি যিকোনো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰোধী। কিন্তু আমি দুয়োখন দেশৰ মাজত শান্তি ঘূৰি অহাটো বিচাৰো। আমি স্থিতাৱস্থা বজাই ৰখাৰ আহ্বান জনাইছো। দুয়োখন দেশেই আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদ মানি চলিব লাগে। বৰ্তমানৰ উত্তেজনা লাঘৱ কৰিবলৈ চীনো আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে কথা পাতিবলৈ সাজু।"

স্মৰ্তব্য ইয়াৰ পূৰ্বেও পাকিস্তানে সন্ত্ৰাসবাদক বিৰোধিতা কৰি ভাৰত আৰু পাকিস্তানৰ সমস্যাক শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ আহ্বান জনাইছিল। যুদ্ধৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈয়ো পৰামৰ্শ দিছিল। কিন্তু মন কৰিবলগীয়া যে, ভাৰতে নিজৰ সমস্যা নিজেই সমাধান কৰাৰ ক্ষমতা আছে বুলি কৈ তৃতীয় পক্ষৰ হস্তক্ষেপ নিবিচাৰে। কিন্তু তাৰ পাছতো চীনে এইদৰে দুয়োখন দেশৰ শান্তি ঘূৰাই আনিবলৈ আগবাঢ়ি অহা কাৰ্যই বিশেষ গুৰুত্ব লাভ কৰিছে। এতিয়া লক্ষ্যণীয় হ’ব ভাৰতৰ উত্তৰ কি হ’ব?

অপাৰেচন সিন্দুৰ পাকিস্তান চীন