আজি ভাৰত-পাকিস্তানৰ দ্বিতীয়খন খেল, সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল…

আজি ভাৰত-পাকিস্তানৰ দ্বিতীয়খন খেল, সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল…

ডিজিটেল ডেস্ক : এছিয়া কাপ ২০২২ৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ আজি দ্বিতীয়খন খেল। দুয়োপক্ষৰ মাজত প্ৰথমখন খেল ২৮ আগষ্টত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল য'ত ভাৰতে অন্তিম অভাৰৰ থ্ৰিলাৰত পাকিস্তানৰ চিৰপ্ৰতিদ্বন্দীসকলক ৫ উইকেটত পৰাস্ত কৰিছিল।

ভাৰতে লীগ পৰ্যায়ৰ দ্বিতীয় খন খেলত হংকংক পৰাস্ত কৰি গ্ৰুপ এৰ পৰা চুপাৰ ৪ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম দল হিচাপে পৰিগণিত হয়। আনহাতে, পাকিস্তানে তেওঁলোকৰ দ্বিতীয়খন খেলত হংকংক ১৫৫ ৰাণত পৰাস্ত কৰি চুপাৰ৪ ৰ বাবে যোগ্যতা অৰ্জন কৰে।

আজি অনুষ্ঠিত হ'বলগীয়া খেলখন ভাৰতীয় সময় মতে সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব আৰু টছ ভাৰতীয় সময় মতে সন্ধিয়া ৭:০০ বজাত অনুষ্ঠিত হ'ব। দুয়োপক্ষই আকৌ এবাৰ এছিয়া কাপ ২০২২ৰ ফাইনেলত খেলিবলৈ পাব, যদিহে দুয়োটি দলে চুপাৰ ৪ পৰ্যায়ত তেওঁলোকৰ ৩ খন খেলৰ ২ খনত জয়লাভ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in