/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/vaccine-ind.jpg)
বিশ্বৰ সৰ্বাধিক ভেকচিন প্ৰদান কৰা দেশৰ তালিকাত ভাৰত শীৰ্ষত…
ডিজিটেল ডেস্কঃ কোভিড-১৯ ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত আমেৰিকা যুক্ত ৰাষ্ট্ৰক অতিক্ৰম কৰিলে ভাৰতে। এই মুহূৰ্তত বিশ্বৰ সৰ্বাধিক ভেকচিন প্ৰদান কৰা ৰাষ্ট্ৰলৈ পৰিগণিত হ'ল ভাৰত। বিগত ২৪ ঘণ্টাত ভাৰতে মুঠ ১৭,২১,২৬৮ গৰাকী ব্যক্তিক ভেকচিন প্ৰদান কৰিছে। ইয়াৰ লগে লগে ভাৰতে সৰ্বমুঠ ৩২,৩৬,৬৩,২৯৭ ভেকচিন প্ৰদান কৰাৰ সংখ্যা স্পৰ্শ কৰিলে।
ক্লিক কৰি পঢ়কঃ ৩৭০ নিদিলে ৩৭১ অনুচ্ছেদ দিয়কঃ দাবী কাশ্মীৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীৰ
ভাৰতে চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা কোৰোনাৰ ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছিল। আনহাতে আমেৰিকাই বিগত বৰ্ষৰ ১৪ ডিচেম্বৰৰ পৰাই কোৰোনাৰ ভেচকিন প্ৰদান কৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। আমেৰিকা যুক্ত ৰাষ্ট্ৰত বৰ্তমানলৈকে ৩২,৩৩,২৭,৩২৮ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে।
বিজেপি নেতা অমিত মালভিয়াই এই বিষয়ে এক টুইট কৰিছে। তেওঁ টুইটত উল্লেখ কৰিছে ভাৰতে ভেকচিন প্ৰদানৰ ক্ষেত্ৰত আমেৰিকা যুক্ত ৰাষ্ট্ৰক অতিক্ৰম কৰিছে। লগতে তেওঁ দেশসমূহে ভেকচিন প্ৰদান কৰাৰ এক তালিকাও টুইটতোৰ লগত সংলগ্ন কৰি দিছে।
India overtakes US in Covid vaccination, even though they had a slight head start…
Well done, team India. pic.twitter.com/ak2M2HNHxl
— Amit Malviya (@amitmalviya) June 28, 2021
উল্লেখ্য যে সৰ্ব প্ৰথমে কোৰোনা ভেকচিন প্ৰদানৰ কাৰ্যসূচী হাতত লৈছিল বৃটেইনে। দেশখনে বিগত বৰ্ষৰ ৮ ডিচেম্বৰত প্ৰথমেই ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছিল। তেতিয়াৰে পৰা বৰ্তমানলৈকে দেশখনত ৭,৬৭,৭৪,৯৯০ গৰাকী ব্যক্তিক ভেকচিন প্ৰদান কৰা হৈছে।
ইটালী, জাৰ্মানীয়ে আৰু ফ্ৰান্সে ভেকচিন প্ৰদানৰ কাৰ্যসূচী মুকলি কৰিছিল ২৭ ডিচেম্বৰত।ইটালীয়ে বৰ্তমানলৈকে ৪,৯৬,৫০,৭২১ জন ব্যক্তিক, জাৰ্মানীয়ে বৰ্তমনালৈকে ৭,১৪,৩৭,৫১৪ জন ব্যক্তিক আৰু ফ্ৰান্সে বৰ্তমানলৈকে ৫,২৪,৫৭,২৮৮ গৰাকী ব্যক্তিক কোভিড ভেকচিন প্ৰদান কৰিছে।