/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/ukraine-attack-live-sixteen_nine.jpg)
ডিজিটেল ডেস্ক: ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত সামাৰিক অভিযান ঘোষণা কৰাৰ পাছতেই দেশ সমূহৰ মাজত সৃষ্টি হৈছে উত্তেজনাৰ।ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান ঘোষণা কৰা সন্দৰ্ভত ভাৰতে কয় যে যদি ভাৰত আৰু ইউক্ৰেইনৰ মাজত শত্ৰুতা নিয়ন্ত্ৰণ কৰা নাযায় তেন্তে ই এক ডাঙৰ সংকটলৈ পৰিৱৰ্তন হ'ব।
সংযুক্ত ৰাষ্ট্ৰত ভাৰতৰ স্থায়ী প্ৰতিনিধি টিএছ তিৰুমুৰ্তিয়ে কয় যে বৰ্তমানৰ স্থিতি এক ভয়ংকৰ সংকতলৈ গতি কৰিছে।যদি এই অৱস্থাত সাৱধানতা অৱলম্বন কৰা নহয় তেন্তে শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত বিপদ আহিব পাৰে।সুৰক্ষাৰ ওপৰত লক্ষ্য ৰাখি আমি এই সংঘৰ্ষ তৎকালীনভাৱে বন্ধ কৰি আলোচনা কৰাৰ আহ্বান জনাইছো।
তিৰুমুৰ্তিয়ে দুয়ো পক্ষক সংযম বৰ্তাই ৰাখি শান্তি আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া আৱশ্যক বুলি কয়।লগতে কয় যে কেৱল কূটনৈতিক ভাৱেহে ইয়াক সমাধান কৰা উচিত।
উল্লেখ্য যে, ইউক্ৰেইনত প্ৰায় ২০,০০০ ভাৰতীয় লোক আছে আৰু আটাইকে ভাৰতলৈ উভতি আহিবলৈ আহ্বান জনাইছে ভাৰতে। ইতিমধ্যে বিশেষ বিমানৰ জৰিয়তে শ শ ভাৰতীয়ক অনা হৈছে ভাৰতলৈ। ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলা সংঘৰ্ষ পিছলৈ কি ৰূপ ধাৰণ কৰে এয়া হ'ব লক্ষ্যনীয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us