ভাৰতীয় কূটনীতিৰ নুবুজা সাথৰ : ৰাছিয়াৰ তেল আমেৰিকা-ইউৰোপক বিক্ৰী !

জামনগৰ শোধানাগাৰ
জামনগৰ শোধানাগাৰ

ডিজিটেল ডেস্ক : সময়ৰ সৈতেই অভিজ্ঞ হৈ গৈ আছে ভাৰতীয় কূটনীতি । বৈদিক যুগৰ পৰাই কূটনীতিৰ বাবে বিখ্যাত ভাৰতে প্ৰত্যক্ষ শক্তি প্ৰদৰ্শনৰ পৰিৱৰ্তে যেন কূটনীতিৰে সমগ্ৰ বিশ্বক বান্ধি ৰাখিব বিচাৰে এক অদৃশ্য জৰীৰে । আৰু জৰীডালৰ এটা মূৰ থাকিব ভাৰতৰ হাতত । শেহতীয়াকৈ এই কথাই প্ৰমাণ হ'ল এক ৰহস্য ফাদিল হোৱাৰ পিছত ।

বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈছিল ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসন । তাৰ পাছতেই খাৰুৱা তেলৰ বাবে ৰাছিয়াৰ ওচৰত নিৰ্ভৰ হোৱাৰ ৰাছিয়াৰ পৰা পৰা তেল ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ইউৰোপ আৰু আমেৰিকাই । ই যেন আগ্ৰাসী ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক প্ৰতিবাদ আছিল আমেৰিকা আৰু ইউৰোপৰ । কিন্তু তেনে সময়তো যুদ্ধক সমৰ্থন নকৰিলেও ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিয়েই আছিল ভাৰতে । যাৰ বাবে সমগ্ৰ বিশ্বৰ চকুত মূহুৰ্ততে খলনায়ক হৈ পৰিছিল শান্তিকামী ৰাষ্ট্ৰ ভাৰত । সহিব লগীয়া হ'ল বহু ধিক্কাৰ, তিৰস্কাৰ । অৱশ্যে এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ে দিয়া মন্তব্য অনুসৰি, ভাৰতে কোন ৰাষ্ট্ৰৰ পৰা কি আমদানি কৰে, কি ৰপ্তানি কৰে সেইয়া ভাৰতৰ নিজা বিষয় । সেই সন্দৰ্ভত বিদেশী ৰাষ্ট্ৰই মাত মতাৰ প্ৰয়োজন নাই ।

উল্লেখ্য যে, ভাৰতে এই সকলো হোৱাৰ পাছতো ক্ৰয় কৰি থাকিলে ৰাছিয়াৰ পৰা খাৰুৱা তেল । আমোদজনক কথাটো হ'ল তথ্য চোৰাংচোৱা প্ৰতিষ্ঠান কেপলাৰ দাবী অনুসৰি, যি আমেৰিকা-ইউৰোপে ভাৰতক তিৰস্কাৰ কৰিছিল ৰাছিয়াৰ সৈতে ব্যৱসায়ীক সম্বন্ধ ৰখাৰ বাবে, সেই ভাৰতৰ পৰাই খাৰুৱা তেল ক্ৰয় কৰি আছে আমেৰিকা আৰু ইউৰোপে । যি পেট্ৰ'ল-ডিজেল পশ্চিমে ভাৰতৰ পৰা আমদানি কৰিছে, সেই পেট্ৰ'ল-ডিজেল শোধিত কৰা হৈছে নিষিদ্ধ ঘোষিত ৰাছিয়াৰ খাৰুৱা তেলেৰে ।

বৰ্তমান ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰি আহিছে নিজা প্ৰয়োজনতকৈ ২৫ শতাংশতকৈ অধিক খ‍াৰুৱা তেল । প্ৰতিদিনে ভাৰতে ৰাছিয়াৰ পৰা এক নিযুত বেৰেলকৈ খাৰুৱা তেল আমদানি কৰিছে ।  দেশৰ ২৩টা শোধানাগাৰত শোধিত হৈ আহিছে ৰাছিয়াৰ পৰা আমদানিকৃত খাৰুৱা তেল ।

আনহাতে, কেপলাৰৰ তথ্য অনুসৰি, বিগত মাহত ভাৰতে নিউয়ৰ্কলৈ ৮৯ হেজাৰ বেৰেল পেট্ৰ'ল-ডিজেল ৰপ্তানি কৰিছে । একেদৰে ইউৰোপলৈ ১৭২ হেজাৰ বেৰেল পেট্ৰ'ল-ডিজেল ভাৰতে প্ৰেৰণ কৰিছে । অৱশ্যে ভাৰতৰ এই ব্যৱসায় বিশ্ব শক্তিশালী 'গ্ৰুপ-৭' ৰাষ্ট্ৰমণ্ডলীৰ জ্ঞাতসাৰেই চলি আহিছে বুলি দাবী কৰিছে বিশেষজ্ঞসকলে ।

তথ্য অনুসৰি, ভাৰতে বছৰি গড়ে ২৪৮ নিযুত মেট্ৰিকটন খাৰুৱা তেল শোধন কৰি আহিছে । বিশ্বৰ বৃহত্তম শোধানাগাৰ জামনগৰ শোধানাগাৰতেই বছৰি শোধিত হয় ৩৩ নিযুত মেট্ৰিকটন খাৰুৱা তেল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in