/asomiyapratidin/media/media_files/2025/05/05/dlVXAX2KxY2vUsqsnLWh.jpg)
ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ মহাসচিবগৰাকীয়ে।৫ মে’, ২০২৫ সোমবাৰে নিউয়ৰ্কত অনুষ্ঠিত এখন সংবাদ মেলত এণ্টনিঅ’ গোটাৰেছে কয়, “ভাৰত আৰু পাকিস্তানৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি মই গভীৰ সন্মান আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। তেওঁলোকে ৰাষ্ট্ৰসংঘ বিশেষকৈ শান্তিৰক্ষাৰ ক্ষেত্ৰত, গুৰুত্বপূর্ণ অৱদান আগবঢ়াইছে।”
তেওঁ কয়, “এই পৰিস্থিতিয়ে মোক দুখ দিছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত ভয়াৱহ সন্ত্রাসবাদী আক্ৰমণৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ বেদনাক বুজি পোৱাটো সহজ। মই সেই আক্ৰমণ ঘৃণাৰে নিন্দা কৰিছোঁ আৰু হতাহত পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।”
সাধাৰণ নাগৰিকক লক্ষ্য কৰি কৰা সন্ত্ৰাসবাদীৰ এই আক্ৰমণক অগ্ৰহণযোগ্য বুলি কৈ তেও, দোষীৰ বিৰুদ্ধে আইনসন্মত পদ্ধতিত বিচাৰ নিশ্চিত কৰিবলৈয়ো আহ্বান জনাইছে। তেওঁ এই সংকটজনক পৰিস্থিতিত দুয়োখন দেশকেই সংযম অবলম্বন কৰিবলৈ আহ্বান জনাই যুদ্ধৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছে।
তেওঁ আৰু কয়, যুদ্ধ কোনো সমাধান নহয়। মই দুয়োখন চৰকাৰৰ সহায়ত শান্তিৰ বাবে ৰাষ্ট্ৰসংঘৰ পক্ষৰ পৰা মোৰ সদিচ্ছা আগবঢ়াইছোঁ। ৰাষ্ট্ৰসংঘই যিকোনো ধৰণৰ কূটনৈতিক আলোচনাক সমৰ্থন কৰিব বুলিও কয়।