ক্ৰিজত শুভমনৰ বেটিং বিক্ৰমঃ ত্ৰাহি মধুসূদন কাঢ়িছে জিম্বাৱেৰ বলাৰে…

ক্ৰিজত শুভমনৰ বেটিং বিক্ৰমঃ ত্ৰাহি মধুসূদন কাঢ়িছে জিম্বাৱেৰ বলাৰে…

author-image
asomiyapratidin
New Update
ক্ৰিজত শুভমনৰ বেটিং বিক্ৰমঃ ত্ৰাহি মধুসূদন কাঢ়িছে জিম্বাৱেৰ বলাৰে…

ডিজিটেল ডেস্কঃ অৱশেষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতকীয় ইনিংছ খেলিবলৈ সক্ষম হ'ল শুভমন গিল। জিম্বাৱেৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা এদিনীয়া শৃংখলাৰ তৃতীয়খন মেচত শুভমনৰ বেটৰ পৰা আহিল ১৩০ ৰাণৰ এক শতকীয় ইনিংছ। টি-২০ বিশ্বকাপৰ পূৰ্বে শুভমনৰ এই বেটিং ফৰ্মে এতিয়া সকলোৰে প্ৰশংসা লাভ কৰিছে।

Advertisment

১৩০ ৰাণৰ শতকীয় ইনিংছটো শুভমনে ৮২ বলৰ মুখামুখী হৈ ১২ টা চাৰিৰৰে সজাইছে। তেওঁৰ ১৩০ ৰাণৰ সহায়ত ভাৰতে জিম্বাৱেৰ সন্মুখত ২৮৯ ৰাণ সংগ্ৰহ কৰি ২৯০ লক্ষ্যস্থিৰ কৰে। উল্লেখ্য যে শৃংখলাৰ প্ৰথমখন মেচত শুভমন গিলৰ বেটৰ পৰা আহিছিল ৮২ ৰাণৰ অক অৰ্ধশতকীয় ইনিংছ।

টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰা ভাৰতে শৃংখলা দখলৰ বাবে আজি তৃতীয়খন মেচত অৱতীৰ্ণ হৈছে। ইয়াৰ পূৰ্বৰ দুয়োখন মেচত ভাৰতে বিজয় সাব্যস্ত কৰিছে। কেৰিয়াৰৰ নৱমখন মেচ খেলা শুভমনে ইতিমধ্যে ৩ টা অৰ্ধ শতক অৰ্জন কৰিছে।