আমেৰিকাই আৰম্ভ কৰা শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ ৰঙা চীনৰ মুকলিকৈয়ে বন্ধুত্বৰ প্ৰস্তাৱ...

শত্ৰুতা পৰিহাৰ কৰি চুবুৰীয়া চীনে ভাৰতলৈ আগবঢ়াইছে বন্ধুত্বৰ প্ৰস্তাৱ। ক'লে ক্ষমতাৰ ৰাজনীতি আৰু আধিপত্যবাদৰ বিৰুদ্ধে দুয়োখন দেশে একেলগে কাম কৰিব লাগিব।

author-image
Tushar Pratim
New Update
আমেৰিকাই আৰম্ভ কৰা শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ ৰঙা চীনৰ মুকলিকৈয়ে বন্ধুত্বৰ প্ৰস্তাৱ...

ডিজিটেল ডেস্কঃ শত্ৰুতা পৰিহাৰ কৰি চুবুৰীয়া চীনে ভাৰতলৈ আগবঢ়াইছে বন্ধুত্বৰ প্ৰস্তাৱ। দেশখনৰ বৈদেশীক মন্ত্ৰী ৱাং ইয়ে প্ৰেৰণ কৰা এক বাৰ্তাত উল্লেখ কৰা মতে বিগত বছৰত ৰাছিয়াত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৈঠকত মিলিত হোৱাৰ পিছৰে পৰা দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অগ্ৰগতি হৈছে। তেওঁ কয়, ক্ষমতাৰ ৰাজনীতিৰ বিৰুদ্ধে দুয়োখন দেশে একেলগে কাম কৰিব লাগিব বুলিও দোহাৰে। 

Advertisment

চীনৰ বৈদেশীক মন্ত্ৰীগৰাকীয়ে প্ৰেৰণ কৰা এই বাৰ্তাৰ আঁৰত পৰিবৰ্তিত বিশ্ব ৰাজনীতিৰ পৰিবেশ, পৰিস্থিতি বুলি অনুমান কৰা হৈছে। যদিও তেওঁ এই বাৰ্তাত আমেৰিকাৰ নাম উল্লেখ কৰা নাই তথাপিও পৰোক্ষভাৱে ভাৰতলৈ প্ৰেৰণ কৰা এই বাৰ্তাৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ এক পৰোক্ষ বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ শক্তিৰ ৰাজনীতি আৰু আধিপত্যবাদৰ বিৰুদ্ধে চীন-ভাৰতে ঐক্যবদ্ধভাৱে নেতৃত্ব দি আগবাঢ়ি লাগিব বুলি কৈ ট্ৰাম্পলৈয়ে যে, কাড় টোৱালে সেয়া স্পষ্ট হৈছে। 

ৱাং ইৰ এই বাৰ্তাত তেওঁ ভাৰত আৰু চীনৰ শক্তিৰ কথা উল্লেখ কৰিবলৈ গৈ হাতী আৰু ড্ৰেগনৰ উপমাও ব্যৱহাৰ কৰিছে। তেওঁ কয়, ড্ৰেগন আৰু হাতীৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক দুয়োখন দেশৰ বাবে শুৰুত্বপূৰ্ণ। ড্ৰেগন আৰু হাতীয়ে একেলগে নৃত্য কৰিব লাগিব। তেতিয়াহে দুয়োখন দেশেই লাভাম্বিত হ’ব। এছিয়াৰ দুই বৃহত্তম অৰ্থনীতি যদিহে একত্ৰিত হয় তেন্তে ই সমগ্ৰ বিশ্বৰবাবেই হৈ পৰিব উপকাৰী। 

মন কৰিবলগীয়া যে ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ আমেৰিকাৰ ক্ষমতালৈ অহাৰ পিছত একাধিক বিতৰ্কিত আৰু অদূৰদৰ্শী চিন্তাৰে সিদ্ধান্ত বিশ্বৰ বিভিন্ন দেশক সন্ত্ৰস্ত কৰি তুলিছে। তাৰ মাজতে ট্ৰাম্পে চীনৰ সামগ্ৰীৰ ওপৰত প্ৰথমে ১০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছিল যদিও পাছত সেই শুল্কৰ পৰিমাণ দুগুণলৈ বৃদ্ধি কৰে। 

আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতেই অসন্তুষ্ট হৈ পৰিছে চীন। চীনেও আমেৰিকাৰ সামগ্ৰীৰ ওপৰতো অতিৰিক্ত কৰ আৰোপ কৰি ট্ৰাম্পৰ ভাষাতেই উত্তৰ দিছে। বুধবাৰে আমেৰিকাত থকা চীনৰ দূতাবাসে সামাজিক মাধ্যমৰ জৰিয়তে জনাইছিল যে, “আমেৰিকাই যদি যুদ্ধ বিচাৰে, সেয়া শুল্ক যুদ্ধ হওক, বাণিজ্য যুদ্ধ হওক বা আন যিকোনো যুদ্ধ হওক, আমি শেষলৈকে যুঁজিবলৈ সাজু।” 

পিছত পেন্টাগনে তেওঁলোকো তেনে যুদ্ধলৈ সাজু বুলি প্ৰত্যুত্তৰ দিয়ে। আমেৰিকা আৰু চীনৰ মাজৰ এনে তীক্ষ্ণ ভাৰ্ছুৱেল বাকযুদ্ধৰ পাছতেই ৭ মাৰ্চ, শুকুৰবাৰে বেইজিঙত চীনৰ বৈদেশিক মন্ত্ৰীয ৱাং ইয়ে এক সংবাদ মেল সম্বোধন কৰে। 

এই সংবাদ মেলতেই তেওঁ ভাৰতলৈ মুকলিকৈ বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াইছে। তেওঁ সংবাদ মেলত কয় যে, যোৱা এটা বছৰত ভাৰত আৰু চীনৰ সম্পৰ্কত যথেষ্ট ইতিবাচক অগ্ৰগতি হৈছে। অনাগত দিনত যদি এই দুয়োখন দেশে একেলগে কাম কৰে তেন্তে একাধিক ইতিবাচক ফলাফল পোৱা যাব।

তেওঁ কয়, চীনৰ সৈতে ভাৰতৰ সীমান্তত কিছু সমস্যাৰ সৃষ্টি হৈছে। ১৯৬২ চনৰ যুদ্ধ আৰু ১৯৬৭ চনৰ সীমান্ত সংঘাতৰ পিছত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC) তুলনামূলকভাৱে শান্ত আছিল।২০১৭ চনত পুনৰ পৰিস্থিতি উত্তপ্ত হ’বলৈ ধৰিলে। সেই বছৰ একেৰাহে ৭৩ দিন ডোক্লামত দুয়োখন দেশৰ সেনাই মুখামুখিকৈ থিয় দিছিল। 

পৰৱৰ্তী সময়ত কূটনৈতিক মাধ্যমেৰে সমস্যা সমাধান কৰা হয়। ইয়াৰ পিছত ২০২০ চনত পূব লাডাখৰ গালৱানত ভাৰতীয় সেনা আৰু ৰেড আৰ্মীৰ মাজত ৰক্তাক্ত সংঘৰ্ষৰ সূত্ৰপাত হয়। এই সংঘাতৰ পিছতো কূটনৈতিক আৰু সামৰিক পৰ্যায়ত দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে শান্তি ঘূৰি আহিছে। 

অৱশ্যে চীনে মাজে মাজে ভাৰতৰ অভিন্ন অংগ অৰুণাচল প্ৰদেশক তেওঁলোকৰ বুলি দাবী কৰি মেপ প্ৰদৰ্শন আৰু ঠাইৰ নাম সলনিৰে বিতৰ্কৰ সূত্ৰপাত কৰি আহিছে। একেদৰে লাডাখৰ ক্ষেত্ৰতো দেশখনে এইদৰে বিতৰ্কৰ সূত্ৰপাত কৰিছে। 

তাৰ পাছতো পৰিবৰ্তিত বিশ্ব ৰাজনীতিৰ পৰিবেশ, পৰিস্থিতিত এইদৰে বন্ধুত্বৰ প্ৰস্তাৱ প্ৰেৰণ কৰা বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কিয়নো আমেৰিকাই ভাৰতৰ সামগ্ৰীতো অনুৰূপ ধৰণেই অতিৰিক্ত শুল্ক আৰোপ কৰিছে।
 
অৱশ্যে ভাৰতে এতিয়ালৈকে আনুষ্ঠানিকভাৱে ট্ৰাম্পৰ এনে নীতিৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। সমান্তৰালকৈ চীনৰ এই প্ৰস্তাৱৰ সন্দৰ্ভত কোনো মুকলি প্ৰতিক্ৰিয়া দিয়া নাই। সেয়ে ভাৰতৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেয়া বিশ্ব ৰাজনীতিৰ বাবেই গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। 

 

চীন আমেৰিকা চীন-ভাৰত সম্পৰ্ক