ইমৰান খান পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নহয়, ইমৰান খান এটা চোৰ হে !

imran khan
imran khan

ডিজিটেল ডেস্কঃ ইমৰান খান পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নহয়, তেওঁ এজন চোৰ ! পাকিস্তানী জনতাই ইমৰান খানক আখ্যা দিছে চোৰ হিচাপে। লাহোৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ইমৰান খানক পাকিস্তানৰ নাগৰিকে আগুৰি ধৰি চোৰ আখ্যা দিয়া কাৰ্যই এতিয়া কেৱল পাকিস্তানতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখ্য এ এক অনুষ্ঠানৰত অংশ লবলৈ লাহোৰত উপস্থিত হোৱা ইমৰান খানক একাংশ নাগৰিকে আগুৰি ধৰি 'চোৰ চাওক', 'চোৰ চাওক' বুলি চিঞৰিবলৈ আৰম্ভ কৰে। অৱশ্যে তেওঁলোকৰ এই চিঞৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে ইমৰান খানে।

দৰাচলতে যোৱা ২১ অক্টোবৰত পাকিস্তানৰ নিৰ্বাচন আয়োগে তোশখানা গোচৰত অভিযুক্ত ইমৰান খানক আগন্তুক ৫ বছৰৰ বাবে অযোগ্য ঘোষণা কৰিছে। তেওঁৰ সংসদৰ সদস্যপদো বাতিল কৰা হৈছে।

নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তৰ বাবেই এতিয়া আগন্তুক ৫ বছৰত ইমৰান খানে কোনো নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰিব। ইমৰান খানে তোশখানাত সঞ্চিত উপহাৰ সস্তীয়া দামত ক্ৰয় কৰি সেইবোৰ অধিক দামত বিক্ৰী কৰাৰ অভিযোগ উঠিছিল।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in