পাকিস্তানত পতনৰ দিশত ইমৰাণ খানৰ চৰকাৰ…

পাকিস্তানত পতনৰ দিশত ইমৰাণ খানৰ চৰকাৰ…

author-image
asomiyapratidin
New Update
পাকিস্তানত পতনৰ দিশত ইমৰাণ খানৰ চৰকাৰ…

ডিজিটেল ডেস্ক: বেয়া দিন চলিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। ইমৰাণ খানে নেতৃত্ব কৰা পাকিস্তান তহৰীক-এ-ইঞ্চাফ(পিটিআই) দলৰ মিত্ৰজোট মুট্টাহিদা কৌমী মুভমেন্ট পাকিস্তান(এমক্যুএম) য়ে বিৰোধী দল পাকিস্তান পিপুলচ পাৰ্টীৰ(পিপিপি) লগত সহযোগ কৰে।যাৰ ফলত ইমৰাণ খানৰ চৰকাৰে পাকিস্তানৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱাই পেলায়। পিপিপি ৰ অধ্যক্ষ বিলাবল ভুট্টো জৰদাৰীয়ে টুইট কৰি এই বিষয়ে জনায়।

Advertisment

উল্লেখ্য যে, ১৭৭ গৰাকী সদস্যৰ সহায়ত বৰ্তমান বিৰোধিৰ ওচৰত অধিক সংখ্যাত সমৰ্থক আছে।অন্যহাতে পাকিস্তানৰ চৰকাৰৰ সমৰ্থনত সংসদত কেৱল ১৬৪ গৰাকীহে সদস্য আছে। পাকিস্তান নেচনেল এচেম্বলীত মুঠ ৩৪২ গৰাকী সদস্য আছে আৰু সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হয় ১৭২ গৰাকী সদস্যৰ। পিটিআইৰ নেতৃত্বত থকা মিত্ৰজোটত ১৭৯ গৰাকী সদস্যৰ সমৰ্থন আছিল। কিন্তু এতিয়া এমক্যুএম-পিয়ে পাৰ্টী এৰাৰ ফলত পিটিআইৰ লগত মাত্ৰ ১৬৪ গৰাকী সদস্যহে থাকে।

অন্যহাতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে অভিযোগ উত্থাপন কৰি কৈছে যে বিদেশী টকাৰ সহায়ত তেওঁৰ চৰকাৰ ভংগ কৰাৰ চেষ্টা চলাইছে। ইয়াৰ পৰা এটা উমান পাব পাৰি যে হয়তো শাসন হেৰুৱাব ইমৰাণ খানে।

আৰু পঢ়ক:

PTI imran khan pakistan