/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/imran-khan-bcci.jpg)
ডিজিটেল ডেস্ক: পাকিস্তানক ৰাষ্ট্ৰীয় সাংসদ ভংগৰ কেইঘন্টামান পিছতেই প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰিত হয় ইমৰান খান। ৩ এপ্ৰিলৰ মাজনিশা কেন্দ্ৰীয় কেবিনেট সচিবালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা এক জাননী যোগে এই কথা ঘোষণা কৰা হৈছে।
উল্লেখ্য যে, দেওবাৰে আস্থা ভোটৰ সন্মুখীন হবলগীয়া হয় ইমৰান খান কিন্তু এই ভোটক কৌশলেৰে এৰাই চলে খানে। তাৰপাছতেই ইমৰান খানে সংসদ ভংগ কৰিবলৈ ৰাষ্ট্ৰপতি আৰিফ আলৱিক আহ্বান জনাই আৰু সেই মৰ্মে ৰাষ্ট্ৰপতিয়ে সংসদ ভংগ কৰি নিৰ্বাচন নতুনকৈ অনুষ্ঠিত কৰাৰ পোষকতা কৰে।
ইয়াৰ ফলত আস্থা ভোটত পৰাজিত হবলগীয়া ইমৰান খান পৰৱৰ্তী তিনি মাহলৈ তদাৰকী প্ৰধানমন্ত্ৰী হৈ থকাৰ বাট মুকলি হয়। কিন্তু এই কথাৰ বিৰোধীতা কৰিছে বিৰোধী দল সমূহে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us