/asomiyapratidin/media/media_files/2025/05/09/jWYN67TRrKUiLGMcIaQo.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ সৈতে যুদ্ধ পৰিস্থিতি অব্যাহত থকাৰ সময়তে পাকিস্তানলৈ ১ বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ প্ৰদান কৰিবলৈ সন্মত হৈছে আই এম এফ। শুকুৰবাৰে আই এম এফে পাকিস্তানক ১ বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ দিবলৈ সন্মত হৈছে। তাৰ পাছতেই পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফে এই ঋণ প্ৰদানৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে।
মন কৰিবলগীয়া যে, ভাৰতে পাকিস্তানক ঋণ দিয়াৰ বিৰোধিতা কৰিছিল। তাৰ পাছতো আই এম এফে পাকিস্তানক ১ বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ প্ৰদানৰ বাবে সন্মত হোৱাত পাকিস্তানে ভাৰতৰ কূটনীতিক বিফল হোৱা বুলি মন্তব্য কৰিছে। পাকিস্তানে দাবী কৰিছে এই ঋণে দেশখনৰ অৰ্থনৈতিক অৱস্থাক সুস্থিৰ কৰিব।
উল্লেখ্য যে, পাকিস্তানে আই এম এফৰ পৰা ২.৩ বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ বিচাৰিছিল যদিও ভাৰতে এই ঋণ প্ৰদানৰ বিৰোধিতা কৰিছিল। অৰ্থনীতি পুনৰুদ্ধাৰৰ নামত ঋণ লৈ সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা দেশখনে এই ধনো ৰাষ্ট্ৰৰ উন্নয়নৰ বিপৰীতে সন্ত্ৰাসবাদী কাৰ্যকলাপত হে অপব্যৱহাৰ কৰিব বুলি উল্লেখ কৰিছিল।
তাৰোপৰি গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ বৈঠকত নতুন দিল্লীয়ে ভোটদানৰ পৰাও বিৰত আছিল। আই এম এফৰ সদস্য হিচাপে ভাৰতে পাকিস্তানৰ দুৰ্বল ট্ৰেক ৰেকৰ্ড পৰিপ্ৰেক্ষিতত আই এম এফৰ কাৰ্যসূচীৰ কাৰ্যকাৰিতা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি পাকিস্তানে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত সীমান্ত অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বাবে ঋণৰ ধন অপব্যৱহাৰৰ সম্ভাৱনাৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰিছিল।
ভাৰতে আঙুলিয়াই দিছিল সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ অবিৰত পৃষ্ঠপোষকতা কৰি অহা পাকিস্তানক ঋণ প্ৰদান কৰি পুৰস্কৃত কৰিলে বিশ্ব সমাজলৈ এক ভুল বাৰ্তা প্ৰেৰণ কৰা হ’ব আৰু বিশ্ব মূল্যবোধক উপহাস কৰা হ’ব বুলি ভাৰতে দাবী কৰিছিল। কিন্তু তাৰ পাছতো আই এম এফে পাকিস্তানক ১ বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ প্ৰদান কৰা কাৰ্যই এতিয়া পাকিস্তানক সন্ত্ৰাসবাদী কাৰ্যকলাপত সহায় কৰিব বুলিয়েই ধাৰণা কৰা হৈছে।