Advertisment

হাছিনা চৰকাৰৰ দৰেই মহম্মদ ইউনুছৰ চৰকাৰকো উফৰাই দিয়াৰ হুংকাৰ জনতাৰ...

শ্বেইখ হাছিনাৰ চৰকাৰৰ দৰেই হ'ব নেকি মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ অৱস্থা? দেশৰখনৰ সাধাৰণ জনতাই হাছিনা চৰকাৰৰ দৰেই ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰকো উফৰাই দিছে।

author-image
Asomiya Pratidin
New Update
হাছিনা চৰকাৰৰ দৰেই মহম্মদ ইউনুছৰ চৰকাৰকো উফৰাই দিয়াৰ হুংকাৰ জনতাৰ...

ডিজিটেল ডেস্কঃ শ্বেইখ হাছিনাৰ চৰকাৰৰ দৰেই হ'ব নেকি মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ অৱস্থা? দেশৰখনৰ সাধাৰণ জনতাই হাছিনা চৰকাৰৰ দৰেই ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰকো উফৰাই দিছে।

Advertisment

ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী জনতাই ইউনুছৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মূল্যবৃদ্ধিয়ে কোঙা কৰা দেশখনৰ জনতাৰ ওপৰত অধিক কৰৰ বোজা জাপি দিয়াৰ অভিযোগ সাধাৰণ ৰাইজৰ। সেয়ে এতিয়া প্ৰশ্ন উঠিছে, হাছিনাৰ দৰেই ইউনুছৰো একেই গতি হ'ব নেকি?

মন কৰিবলগীয়া যে, বাংলাদেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। হাছিনাৰ চৰকাৰৰ দিনৰ পৰাই বাংলাদেশত মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক প্ৰভাৱিত কৰি আহিছিল। তাৰ পাছত দেশখনত সৃষ্টি হোৱা অস্থিৰ সামাজিক, ৰাজনৈতিক পৰিবেশে অধিক প্ৰভাৱিত কৰে।

দেশখনক পুনৰ পূৰ্বৰ সুস্থিৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সামাজিক পৰিবেশ এতিয়াও সুস্থিৰ হোৱা নাই। উদ্যোগখণ্ড সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। উৎপাদনমূলক কাম-কাজ হ্ৰাস পাইছে।

ব্যৱসায়ীসকলে ইচ্ছা অনুসৰি সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। ফলত স্বাভাৱিকভাৱেই মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে দেশখনৰ জনতাক। 

তাৰ মাজতেই আকৌ এইবাৰ অন্তৱৰ্তীকালীন চৰকাৰখনে বিভিন্ন সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিছে। জানিব পৰা মতে ৰেষ্টুৰাৰ খাদ্যৰ বিলৰ ওপৰত অতিৰিক্ত ১৫ শতাংশ কৰ আৰোপ কৰা হৈছে। পূৰ্বে এই কৰ আছিল মাত্ৰ ৫ শতাংশ।

সেইদৰে ড্ৰাইভিং লাইচেঞ্চ, বিস্কুট, আচাৰ, মেট্ৰেছ, টিছু পেপাৰ আদিৰ ওপৰত ১৫ শতাংশ কৰ আৰোপ কৰা হৈছে। ৰন্ধন গেছৰো মূল্য আঢ়ৈগুণ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ইউনুছ চৰকাৰে।

চৰকাৰৰ এনে সিদ্ধান্তৰ পাছতেই বাংলাদেশী জনতা মুকলি আকাশৰ তললৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে চৰকাৰক ৪৮ ঘণ্টা সময়ো নিৰ্ধাৰণ কৰি দিছে।

৪৮ ঘণ্টাৰ ভিতৰত যদি মূল্যবৃদ্ধি হ্ৰাস নহয় তেন্তে কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ দিছে। তেওঁলোকে দাবী কৰিছে যদিহে সময়মতে মূল্যবৃদ্ধি হ্ৰাস নহয় তেন্তে হাছিনাৰ দৰেই ইউনুছৰ চৰকাৰকো দলিয়াই দিয়া হ'ব। 

 

মহম্মদ ইউনুছ শ্বেইখ হাছিনা বাংলাদেশ