চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
banner
আন্তঃৰাষ্ট্ৰীয় মুখ্য-পৃষ্ঠা

মাৰ্কেটত আহি গ'ল থ্ৰেডছঃ কিদৰে কৰিব ব্যৱহাৰ, চাওঁক সবিশেষ...

মাৰ্কেটত আহি গ'ল থ্ৰেডছঃ কিদৰে কৰিব ব্যৱহাৰ, চাওঁক সবিশেষ...

author-image
Asomiya Pratidin
07 Jul 2023 12:12 IST

Follow Us

New Update
মাৰ্কেটত আহি গ'ল থ্ৰেডছঃ কিদৰে কৰিব ব্যৱহাৰ, চাওঁক সবিশেষ...

মাৰ্কেটত আহি গ'ল থ্ৰেডছঃ টুইটাৰ হ'ব অতীত !

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকললৈ ভাল খবৰ। মেটাই আৰম্ভ কৰিছে এটা নতুন এপ। টুইটাৰক প্ৰত্যাহ্বান জনাই মেটাই আৰম্ভ কৰা এই নতুন এপটোৰ নাম হৈছে থ্ৰেডছ।

Advertisment

এই থ্ৰেডছ এপটো লাইভ হোৱাৰ লগে লগে ৫০ লাখৰো অধিক লোকে ডাউনলোড কৰিছে। ভাৰতকে ধৰি দেশৰ মুঠ ১০০ খন ৰাষ্ট্ৰত এই এপটো উপলব্ধ হৈছে। থ্ৰেডছত টেক্সট, ফটো আপলোড কৰাৰ উপৰিও সৰ্বাধিক ৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’ আপলোড কৰিব পাৰিব।

এই থ্ৰেডছ গুগল প্লে’ ষ্টোৰ আৰু এপল এপ ষ্টোৰৰ পৰা ডাউনলোড কৰিব পাৰিব।

কিদৰে এই এপ ব্যৱহাৰ কৰিব

প্ৰথমে প্লেষ্টোৰত গৈ চাৰ্ছ কৰক 'Threads an Instagram app'। তাৰ পাছত এপটো ইনষ্টল কৰি স্ক্ৰীণৰ তলত থকা 'Log in with Instagram' অপচনত ক্লিক কৰক। ইয়াত আপুনি ইনষ্টাগ্ৰাম একাউণ্টৰ ইউজাৰ নেম আৰু পাছৱ’ৰ্ড দিব লাগিব।

তাৰ পাছত প্ৰফাইল ছেটআপ কৰাৰ বাবে দুটা অপচন লাভ কৰিব। প্ৰথমটো অপচনৰ জৰিয়তে ইনষ্টাগ্ৰাম প্ৰফাইল ইয়াত ইম্প’ৰ্ট কৰিব পাৰিব। যাৰ বাবে আপুনি 'Import from Instagram' অপচনত ক্লিক কৰিব লাগিব।

দ্বিতীয়টো অপচন হ'ল আপুনি নিজেই মেনুৱেলি নিজৰ বায়’ লিংক আৰু প্ৰফাইল পিকচাৰ ছেট কৰিব পাৰিব। এই সকলো হ’লে Next অপচনত ক্লিক কৰিব লাগিব।

এইবাৰ আপুনি পাবলিক আৰু প্ৰাইভেট প্ৰফাইল দুটা অপচন লাভ কৰিব। যদিহে বয়স ১৮ বছৰৰ তলত হয় তেন্তে স্বয়ংক্ৰিয় ভাৱে ডিফল্ট অপচন হিচাপে প্ৰফাইল প্ৰাইভেট হৈ পৰিব।

ইনষ্টাগ্ৰামত আপুনি যাক ফ'ল' কৰে সেই সকলকো ইয়াত ফ'ল' কৰিব পাৰিব। নতুবা এই অপচন স্কিপ কৰিবও পাৰে। এই সকলোবোৰ হোৱাৰ পাছত 'Join Threads' অপচনত ক্লিক কৰিব লাগিব।

এই এপ সকলো ইউজাৰৰ বাবে সম্পূৰ্ণ বিনামূলীয়া। টুইটাৰত যেনেদৰে টুইট বুলি কোৱা হয়, তেনেদৰে এই এপত টেক্সত পোষ্টক থ্ৰেড বুলি কোৱা হয়। সৰ্বোচ্চ ৫০০ শব্দৰে থ্ৰেড কৰিব পাৰিব। 

নতুন থ্ৰেড আপলোড কৰিবৰ বাবে 'New Thread' অপচনত ক্লিক কৰি প্ৰফাইলত শ্বেয়াৰ কৰিব পাৰিব। আনহাতে ইয়াত সৰ্বাধিক ৫ মিনিট দৈৰ্ঘৰ ভিডিঅ’ আপলোড কৰিব পাৰিব।

Also Read: আন এক বৃহৎ সফলতাৰ দিশে অগ্ৰসৰ ভাৰত...

থ্ৰেডছ মেটা
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!