আন এক বৃহৎ সফলতাৰ দিশে অগ্ৰসৰ ভাৰত...

আন এক বৃহৎ সফলতাৰ দিশে অগ্ৰসৰ ভাৰত...

author-image
Asomiya Pratidin
New Update
আন এক বৃহৎ সফলতাৰ দিশে অগ্ৰসৰ ভাৰত...

আন এক বৃহৎ সফলতাৰ দিশে অগ্ৰসৰ ভাৰত...

ডিজিটেল ডেস্কঃ পুনৰ পিছুৱাই দিয়া হ'ল ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৰ বহু প্ৰতীক্ষিত অভিযান 'চন্দ্ৰযান-৩' ৰ উৎক্ষেপণৰ দিন। ১৩ ৰ পৰিৱৰ্তে ১৪ জুলাইতহে উৎক্ষেপণ কৰা হ'ব 'চন্দ্ৰযান-৩'।

Advertisment

১৪ জুলাইৰ দিনৰ ২ বাজি ৩৫ মিনিটত এই উৎক্ষেপণ হ'ব। উল্লেখ্য যে, ইয়াৰ পূৰ্বে 'চন্দ্ৰযান-৩' ৰ উৎক্ষেপণ পিছুৱাই দিয়া হৈছিল। প্ৰথমে 'চন্দ্ৰযান-৩' ৰ উৎক্ষেপণ ১২ জুলাই নিৰ্ধাৰণ কৰা হৈছিল।

পৰৱৰ্তী সময়ত এদিন পিছুৱাই ১২ ৰ পৰিৱৰ্তে ১৩ জুলাই নিৰ্ধাৰণ কৰা হয়। বৃহস্পতিবাৰে পুনৰ সেই তাৰিখ এদিন পিছুৱাই ১৪ জুলাই নিৰ্ধাৰণ কৰা হৈছে।

এই সন্দৰ্ভত ইছৰোৱে টুইট কৰি জনাইছে যে, 'চন্দ্ৰযান-৩' ১৪ জুলাইত শ্ৰীহৰিকোটৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ'ব। ইয়াৰোপৰি চন্দ্ৰপৃষ্ঠত ইয়াৰ অৱতৰণৰ দিনো ঘোষণা কৰিছে।

ইছৰোৰ অধ্যক্ষ এছ সোমনাথৰ মতে ২৩ অথবা ২৪ আগষ্টত নিৰাপদে চন্দ্ৰত গৈ 'চন্দ্ৰযান-৩' য়ে অৱতৰণ কৰিব পাৰিব বুলি আশা কৰা হৈছে। তেওঁৰ মতে ভাৰত আন এক বৃহৎ সফলতা লাভৰ দিশে অগ্ৰসৰ হৈছে।

Also Read: মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন...

চন্দ্ৰযান-৩