ট্ৰাম্পৰ পাছত দুৰ্বৃত্তৰ লক্ষ্য কমলা হেৰিছ ! পুনৰ দুৰ্বৃত্তৰ গুলী চালনা...

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি পাইছে গুলী চালনাৰ ঘটনা
ট্ৰাম্পৰ পাছত দুৰ্বৃত্তৰ লক্ষ্য কমলা হেৰিছ ! পুনৰ দুৰ্বৃত্তৰ গুলী চালনা...
ট্ৰাম্পৰ পাছত দুৰ্বৃত্তৰ লক্ষ্য কমলা হেৰিছ ! পুনৰ দুৰ্বৃত্তৰ গুলী চালনা...
Published on
Updated on

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ সংঘটিত হ'ল গুলীচালনাৰ ঘটনা। ডেমক্ৰেটিক নেত্ৰী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছৰ প্ৰচাৰ দপ্তৰত সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা। ইয়াৰ পূৰ্বে জুলাই মাহত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰিপাব্লিকান নেতা ডোনাল্ড ট্ৰাম্পক লক্ষ্য কৰি দুৰ্বৃত্তই চলাইছিল গুলী।

চলিত বছৰৰ নৱেম্বৰত অনুষ্ঠিত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি অব্যাহত আছে তীব্ৰ প্ৰচাৰ অভিযান। তাৰ মাজতেই ডেমক্ৰেটিক আৰু ৰিপাব্লিকান পাৰ্টিৰ দুয়োগৰাকী প্ৰাৰ্থীৰ ওপৰত হোৱা আক্ৰমণে নিৰাপত্তাৰ দিশটোক লৈ যথেষ্ট প্ৰশ্নৰ অৱতাৰণা কৰিছে।

খবৰ অনুসৰি এৰিজোনাৰ ছাউদাৰ্ন এভিনিউৰ প্ৰিষ্ট ড্ৰাইভৰ ওচৰত ডেমক্ৰেটিক নেচনেল কমিটীৰ প্ৰচাৰ কাৰ্যালয়ত গুলী চালনা কৰা হৈছিল। এই কাৰ্যালয়ত ১৮ জন সদস্যই কমলা হেৰিছৰ নিৰ্বাচনী প্ৰচাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ কাম কৰে।

মঙ্গলবাৰে কৰ্মচাৰীসকলে কাৰ্যালয়ৰ সন্মুখৰ খিৰিকীৰ গিলাচ ভাঙি থকা দেখিবলৈ পায়। ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি গুলী চালনাৰ ঘটনাক নিশ্চিত কৰে।

আৰক্ষীয়ে জনোৱা মতে যিসময়ত এই গুলী চালনাৰ ঘটনা সংঘটিত হৈছিল সেই সময়ত কাৰ্যালয়টোত কোনো লোক উপস্থিত নাছিল। তেওঁলোকে কোনো লোক হতাহতি হোৱাৰো খবৰ লাভ কৰা নাই। কমলা হেৰিছৰ প্ৰচাৰ কাৰ্যালয়ত কোনে আৰু কিয় গুলী চালনাৰ ঘটনা সংঘটিত কৰিলে তাক লৈ তদন্ত অব্য়াহত আছে।

ডেমক্ৰেটিক পাৰ্টিয়ে এই ঘটনা সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিত কয়, এৰিজোনাত থকা ডেমক্ৰেটিক পাৰ্টি হিংসাৰ লক্ষ্য হৈ পৰাটো গভীৰ উদ্বেগজনক। আমি আমাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ সৈতে কাম কৰিম। কমলা হেৰিছে শুকুৰবাৰে এৰিজোনা ভ্ৰমণ কৰিব। তাৰ পূৰ্বে এই ঘটনাই আৰক্ষী প্ৰশাসনৰো উদ্বেগ বৃদ্ধি কৰিছে। নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

স্মৰ্তব্য যে, যোৱা জুলাই মাহত পেনছিলভেনিয়াত এক নিৰ্বাচনী সভাত ৰিপাব্লিকান পাৰ্টিৰ নেতা তথা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্পক লক্ষ্য কৰি দুৰ্বৃত্তই গুলী চালনা কৰিছিল। এই গুলীয়ে ট্ৰাম্পৰ কাণত আঘাত কৰিছিল।

পাছত জানিব পৰা গৈছিল ট্ৰাম্পক গুলীওৱা সেই দুৰ্বৃত্ত তেওঁৰেই দলৰ সদস্য থমাছ মেথিউ ক্ৰুছ নামৰ এগৰাকী ২০ বছৰীয়া যুৱক আছিল। তেওঁ এই ঘটনা সংঘটিত কৰাৰ পাছতে মাৰ্কিন ছিক্ৰেট চাৰ্ভিছৰ গুলীত নিহত হৈছিল। ইয়াৰ পিছত চলিত মাহতেই ফ্লৰিডাত ট্ৰাম্পৰ গ'ল্প ক্লাবতো গুলী চালনাৰ ঘটনা সংঘটিত হৈছিল।

ট্ৰাম্পৰ পাছত দুৰ্বৃত্তৰ লক্ষ্য কমলা হেৰিছ ! পুনৰ দুৰ্বৃত্তৰ গুলী চালনা...
চিৰাঙৰ কাজলগাঁৱত বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদযাপন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in