ভাৰতীয় অলিম্পিক সংস্থাক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ চূড়ান্ত সকিয়নিঃ নিৰ্বাচন অনুষ্ঠিত নকৰিলে হ'ব লাগিব নিলম্বন...

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ পত্ৰ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
ভাৰতীয় অলিম্পিক সংস্থাক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ চূড়ান্ত সকিয়নিঃ নিৰ্বাচন অনুষ্ঠিত নকৰিলে হ'ব লাগিব নিলম্বন...

olympic olympic

ডিজিটেল ডেস্কঃ ভাৰতীয় অলিম্পিক সংস্থাক চূড়ান্ত সকিয়নি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ। ভাৰতীয় অলিম্পিক সংস্থাই অহা সপ্তাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হ'লে নিলম্বনৰ ভাবুকি প্ৰদান কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ভাৰতীয় অলিম্পিক সংস্থাৰ সকলো সদস্যলৈ প্ৰেৰণ কৰা পত্ৰত কৈছে যে, আই অ' চি আৰু অ' চি এয়ে ভাৰতীয় অলিম্পিক সংস্থাক প্ৰভাৱিত কৰা শেহতীয়াক ঘটনাৱলীক অতি উদ্বেগৰ সৈতে অনুসৰণ কৰি আহিছে। যদি আই অ' এয়ে ইয়াৰ দায়বদ্ধতা পালন কৰাত বিফল হয় আৰু অহা সপ্তাহৰ ভিতৰত ইয়াৰ নিৰ্বাচন সঠিক ভাৱে আয়োজন কৰিবলৈ সক্ষম নহয়, তেন্তে দুৰ্ভাগ্যজনক ভাৱে নিলম্বনৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব।

উল্লেখ্য যে, অলিম্পিক সংস্থাৰ নিৰ্বাচন যোৱা বছৰৰ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু নিৰ্বাচন প্ৰক্ৰিয়াত চলি থকা সংশোধনৰ বাবে সময় অনুসৰি নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ'ল। এই বিষয়ক লৈ বিগত সময়ত বিভিন্ন ধৰণে বিতৰ্ক চলি আহিছে।

indian olympic olympic