/asomiyapratidin/media/media_files/2025/02/06/Gz27zXjyAHaFfxczRXUI.jpg)
ডিজিটেল ডেস্কঃ চুবুৰীয়া বাংলাদেশৰ তথাকথিত বিপ্লৱী ছাত্ৰই এফালৰ পৰা দেশখনৰ ইতিহাসক ধ্বংস কৰাৰ কামত লিপ্ত হৈছে। নানান চক্ৰান্তৰে, নানান অজুহাটত দেশখনৰ পৰা মচি পেলোৱা হৈছে বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ স্মৃতি।
বুধবাৰে নিশাৰে পৰা বাংলাদেশত আৰম্ভ হৈছে ধ্বংসলীলা। বুলডোজাৰেৰে ভাঙি, অগ্নি সংযোগ কৰা হৈছে ঢাকাৰ ধানমণ্ডিৰত থকা বংগবন্ধুৰ ঐতিহাসিক বাসগৃহ। তাৰোপৰি দেশখনৰ বিভিন্ন স্থানত থকা শ্বেইখ মুজিবুৰ ৰহমানৰ মূৰ্তিসমূহো ভাঙি পেলোৱা হৈছে। তাৰোপৰি জ্বলাই দিয়া হৈছে শ্বেইখ হাছিনাৰ বাসভৱন সুধা সদনো।
বুধবাৰে ছমাহ সম্পূৰ্ণ হৈছিল আৱামী লীগৰ চৰকাৰৰ পতনৰ। এই দিনটোতেই প্ৰথমবাৰৰ বাবে শ্বেইখ হাছিনাই দেশবাসীক ভাৰ্ছুৱেলী সম্বোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে মুখ খোলে। প্ৰায় ৫৮ মিনিট ধৰি দিয়া এই ভাষণত হাছিনাই স্পষ্টকৈ কয়, ইতিহাসে প্ৰতিশোধ লয়, বংগবন্ধু হৃদয়ত আছে। ঘৰ ভাঙিলেও ইতিহাস মছিব নোৱাৰি।
দিল্লীৰ পৰা ভাৰ্ছুৱেলী দিয়া বাৰ্তাত মহম্মদ ইউনুছক বেইমান আখ্যা দি সাৱধানবাণীও দিলে হাছিনাই। তেওঁ কয়, ’লক্ষ্যাধিক ছদিহৰ বিনিময়ত যি সংবিধান, স্বাধীনতা, পতাকা পাইছো সেইবোৰক কেইজনমানে বুলডোজাৰেৰে গুড়ি কৰি দিব নোৱাৰে। এই শক্তি তেওঁলোকৰ নাই। এয়া তেওঁলোকৰ দুৰ্বলতাৰহে প্ৰকাশ। তেওঁলোকে ঘৰ ভাঙিব পাৰে, কিন্তু ইতিহাসক ধ্বংস কৰিব নোৱাৰে। ইতিহাসেও প্ৰতিশোধ লয়। এই কথা তেওঁলোকে মনত ৰখা উচিত।যিসকলে এইবোৰ কৰিছে তেওঁলোকে নিচ মানসিকতাৰ পৰিচয় দিছে। তেওঁলোকে হয়তো বাংলাদেশৰ স্বাধীনতাক পচন্দ নকৰে। পাকিস্তানৰ অধীনত থকা আৰু পদলেহন কৰাই পচন্দ কৰে।‘’
দেশবাসীক সম্বোধন কৰি তেওঁ পুনৰ কয়, ধানমণ্ডিৰৰ ৩২ নম্বৰ ঘৰৰ পৰাই জাতিৰ পিতা( শ্বেইখ মুজিবুৰ ৰহমান)ই স্বাধীনতা ঘোষণা কৰিছিল। সেই ঘটনাৰ পাছত পাকিস্তানী আক্ৰমণকাৰীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি লৈ গৈছিল। তেতিয়াও এই ঘৰত লুটপাত চলিছিল। কিন্তু জুই লগাই দিয়া নাছিল, ভাঙি দিয়া নাছিল। তেওঁ পাকিস্তানী আক্ৰমণকাৰীৰ লগতেই তুলনা কৰিছে মহম্মদ ইউনুছৰ চৰকাৰক।
তেওঁ প্ৰশ্ন কৰে, বাংলাদেশৰ পৰা কি ৰাজনীতি মচিবলৈ চেষ্টা কৰিছে ইউনুছে? তেওঁ কি তালিবানী শাসন প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে? বৰ্তমান বাংলাদেশৰ ইতিহাস মতি পেলোৱাৰ চেষ্টা চলিছে। আক্ৰমণকাৰীসকলৰ ইচ্ছা কেতিয়াও পূৰন নহব। দেশৰ জনতাই ইয়াৰ বিচাৰ কৰিব। হাছিনাৰ মতে বাংলাদেশক লৈ ধ্বংসৰ খেলা আৰম্ভ হৈছে।
বাংলাদেশ সমগ্ৰ বিশ্বৰ বাবে উন্নয়নৰ ৰোল মডেল আছিল। বাংলাদেশৰ উন্নয়ন বিস্ময় আছিল। সেই বাংলাদেশক ধ্বংস কৰি জংগী, সন্ত্ৰাসবাদীৰ দেশ হিচাপে পৰিণত কৰিলে।এয়াই হ’ল সকলোতকৈ দুৰ্ভাগ্যৰ বিষয়।
মহম্মদ ইউনুছক আক্ৰমণ কৰি তেওঁ কয়, ১৯৯০ চনত গ্ৰামীণ বেংকৰ মেনেজাৰ পদত ৬০০০ টকা দৰমহাৰ চাকৰি কৰিছিল। আমি ১৯৯৬ চনত চৰকাৰলৈ অহাৰ পাছত এই গ্ৰামীণ বেংকক ৪০০ কোটি টকা দিছিলো। গ্ৰামীণ ফোনৰ ব্যৱসায় ইউনুছক দিছিলো। তেওঁ মোক বাৰে বাৰে অনুৰোধ কৰিছিল। কৈছিল তাৰ পৰা লাভৰ অংশ গ্ৰামীণ বেংকলৈ যাব। কিন্তু সেয়া নগ’ল। তেওঁ আৰ্থিক দুৰ্নীতি কৰিছিল। তেওঁৰ ক্ষমতাৰ লোভে আজি বাংলাদেশক ধ্বংসৰ দিশে লৈ আনিলে।
ইফালে বাংলাদেশৰ ছাত্ৰ সমাজৰ ওপৰত হাছিনাৰ কোনো অভিযোগ নাই বুলিও উল্লেখ কৰিছে। তেওঁ কয়, সাধাৰণ শিক্ষাৰ্থীৰ প্ৰতি মোৰ কোনো খং বা অভিযোগ নাই। মই জানো তেওঁলোকৰ বয়সেই এনেকুৱা। সাধাৰণ শিক্ষাৰ্থীসকল ইয়াৰ পৰা আঁতৰি থকা উচিত। তেওঁলোকে ধ্বংসমূলক কামৰ পৰা আঁতৰি থকা উচিত।