হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন অতীত ! পুনৰ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত আদানীৰ নাম...

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন অতীত ! পুনৰ বিশ্বৰ ধনাধ্য ব্যক্তিৰ তালিকাত আদানীৰ নাম...
হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন অতীত ! পুনৰ বিশ্বৰ ধনাধ্য ব্যক্তিৰ তালিকাত আদানীৰ নাম...

ডিজিটেল ডেস্কঃ হিণ্ডেনবাৰ্গ(Hindenburg) ৰ প্ৰতিবেদন অতীত হ’ল। পুনৰ বিশ্বৰ ধনাধ্য ব্যক্তিৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিলে গৌতম আদানীয়ে (Goutam Adani)। প্ৰায় ৪ মাহ মাহৰ পাছত আদানীয়ে তেওঁৰ নাম পুনৰ সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল ধনাধ্য ব্যক্তিৰ তালিকাত।

মঙ্গলবাৰৰ দিনটোতেই আদানী গ্ৰুপ (Adani Group)ৰ সম্পত্তি বৃদ্ধি পালে পূৰ্বতকৈ ৪০০ কোটি ডলাৰৰো অধিক। ইয়াৰ লগে লগে তেওঁ পুনৰ বিশ্বৰ শীৰ্ষ ২০ জন ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিলে।

মঙ্গগলবাৰে তেওঁৰ সম্পত্তিৰ এই উত্থাপনৰ পাছত বিশ্বৰ শীৰ্ষ ধনী ব্যক্তিৰ তালিক ১৮ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, চলিত বছৰৰ ফেব্ৰুৱাৰীত আমেৰিকাৰ অনুসন্ধানমূলক সংস্থা হিণ্ডেনবাৰ্গ (Hindenburg) ৰ এক প্ৰতিবেদনৰ পাছতে হোৰাহোৰে খহি পৰিছিল আদানীৰ সাম্ৰাজ্য।

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত থকা আদানীৰ নাম খহি পৰিছিল তালিকাৰ একেবাৰে তললৈ। হাহাকাৰ লাগিছিল শ্বেয়াৰ মাৰ্কেটত। অৱশ্যে সেয়া এতিয়া অতীত হ'ল।

এতিয়া পুনৰ আদানীৰ সুদিন আৰম্ভ হৈছে। উল্লেখ্যে যে, চলিত বছৰৰ আৰম্ভণিতে সকলো মিলি আদানীৰ সম্পত্তি আছিল ৫৬০০  কোটি ডলাৰৰো অধিক। কিন্ত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পাছতে তেওঁৰ এই সম্পত্তিৰ পৰিমাণ হোৰাহোৰে হ্ৰাস পাইছিল।

এতিয়া লাহে লাহে পুনৰ হেৰুওৱা সম্পত্তি উদ্ধাৰ কৰিছে আদানীয়ে। কিছুদিন পূৰ্বে ভাৰতৰ উচ্চতম ন্যায়লয়ে আদানী গ্ৰুপক ক্লিনশ্বিট দিয়াৰ পাছতে পুনৰ শ্বেয়াৰ বজাৰত আদানী গ্ৰুপৰ উত্থান আৰম্ভ হৈছিল।

হিণ্ডেনবাৰ্গে অভিযোগ কৰাৰ দৰে আদানী গ্ৰুপত অবৈধ বিনিয়োগৰ কোনো তথ্য উচ্চতম ন্যায়ালয়ত দাখিল কৰিব নোৱাৰাৰ বাবেই তেওঁক ক্লিন শ্বিট দিয়া হৈছিল।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন অতীত ! পুনৰ বিশ্বৰ ধনাধ্য ব্যক্তিৰ তালিকাত আদানীৰ নাম...
গুৰুত্বহীন ৰাষ্ট্ৰপতি আৰু বিৰোধী ! সংসদ ভৱনত মোডীয়ে স্থাপন কৰিব 'ছেংগুল'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in